সূৰেন্দ্ৰ নাথ ৰাজকুমাৰ আৰু পূন্যেশ্বৰ পূজাৰীলৈ এমেচাৰ চচাইটিৰ জীৱন জোৰা সাধনা বটাঁ শতায়ু গৰকা গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিয়ে সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট বৰ্ষিয়ান ব্যক্তিক প্ৰতি বছৰে "জীৱন জোৰা সাধনা বটাঁ" প্ৰদান আৰু অন্তৰঙ্গ আলাপৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে । এই কাৰ্যসূচী অনুসৰি এইবাৰ এই বটাঁ প্ৰদান কৰা হব বিশিষ্ট ইতিহাসবিদ সূৰেন্দ্ৰ নাথ ৰাজকুমাৰ আৰু বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক পূন্যেশ্বৰ পূজাৰীক । চচাইটিৰ সভাপতি ডাঃ অজিত বৰুৱা আৰু প্ৰশাসনীয় সম্পাদক দীপমনি খাটনীয়াৰে এক প্ৰেছ বাৰ্তাৰ জৰিয়তে এই কথা প্ৰকাশ কৰাৰ লগতে অহা ৫ মাৰ্চ দেওঁবাৰে বিয়লি ৫-০০ বজাত চচাইটিৰ প্ৰেক্ষাগৃহত আয়োজন কৰা বটাঁ প্ৰদান অনুষ্ঠানলৈ সকলোকে নিমন্ত্ৰণ জনাইছে। এই অনুষ্ঠানত দুয়ো গৰাকী বিশিষ্ট ব্যক্তিক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ দিহা কৰি ইচ্ছুক অনুষ্ঠান,দল, সংগঠন আৰু ব্যক্তিক প্ৰেছ বাৰ্তাটোৰ জৰিয়তে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে । উল্লেখযোগ্য অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিষয়া ৰূপে সূদীৰ্ঘ সময় কাৰ্বি আংলং জিলাত সেৱা আগবঢ়াই বৰ্তমান ৯২ বছৰ হোৱা সূৰেন্দ্ৰ নাথ ৰাজকুমাৰে অৱসৰী জীৱনত কেইবাখনো ইতিহাস সম্পৰ্কীয় গ্ৰন্থ ৰচনা কৰাৰ উপৰিও আজিও এগৰাকী সক্ৰিয় সমাজকৰ্মী ৰূপে সেৱা আগবঢ়াই আছে । অন্যহাতে শিক্ষা বিভাগৰ বিষয়া ৰূপে অৱসৰ গ্ৰহণ কৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰি সাহিত্য জগতলৈ অৱদান আগবঢ়োৱা পূন্যেশ্বৰ পূজাৰীয়ে ৮২ বছৰ বয়সতো সক্ৰিয়তাৰে আজিও সামাজিক কাম কৰি আছে ।