আজিৰে পৰা কাহিকুছি, আজাৰাস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান(SIRD)সভা কক্ষত ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত দুদিনীয়াকৈ ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে। সেয়েহে আজি ৰাতিপুৱা প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ বন্তি প্ৰজ্জ্বলন, ভাৰত মাতৃৰ প্ৰতিচ্ছবিত পূষ্পাঞ্জলি আৰু মাতৃ বন্দনাৰে প্ৰশিক্ষণ শিবিৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভণি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী দলীয় কাৰ্যকর্তাৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰাটো অত্যন্ত আৱশ্যক। কাৰণ প্ৰতিজন কাৰ্যকর্তাই প্ৰশিক্ষণ গ্ৰহণ কৰি দলীয় নীতি আদৰ্শৰে অনুপ্ৰাণিত হৈ সেৱা আৰু সমৰ্পণৰ মনোভাৱৰে দলৰ লগতে সমাজ সেৱাৰ বাবে নিজকে উৎসৰ্গা কৰাৰ লগতে অধিক সক্ৰিয় হৈ ৰাইজৰ সেৱা কৰি যাবলৈ উৎসাহ পোৱা যায়। 

কাৰ্যকর্তাসকলে এই প্ৰশিক্ষণ গ্ৰহণ কৰি দল তথা সমাজৰ প্ৰতি থকা দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰি ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাব বুলি আশা কৰে ৷

উক্ত প্ৰশিক্ষণ শিবিৰত ভাৰতীয় জনতা পাৰ্টি,মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী শ্ৰী আঙুৰলতা ডেকা, ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শ্ৰী অকনী দেৱী, মহিলা মৰ্চাৰ ৰাজ্যিক বিষয় ববীয়া সকল, মহিলা মৰ্চাৰ জিলা সভানেত্রী সকল, জিলা সাধাৰণ সম্পাদিকা সকলৰ লগতে দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে।