গোলাঘাটত অসম লোকসেৱা আয়োগৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ। বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতি উদ্যোগত আৰু হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়, তথা Career Caunselling And Guidance Cell সহযোগত আজিৰ পৰা অনুষ্ঠিত কৰা হয় অসম লোকসেৱা আয়োগৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ। এই উপলক্ষে গোলাঘাটৰ হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বোলছবি পৰিচালক দীনেশ গগৈৰ সভাপতিত্বত এখন সভাৰ আয়োজন কৰা হয়। উক্ত সভাৰ আদৰণি ভাষন আগবঢ়ায় বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ সভাপতি প্ৰবিত্ৰ বৰাই। উদেশ্য ব্যখ্যা কৰে বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ মুখ্য সচিব অভিলাস বৰাই। সভাত আৰক্ষী অধীক্ষক ৰমন দ্বীপ কোৰ, চক্ৰ বিষয়া পাপৰি দাস, জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জিয়ে লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ছাত্ৰ ছাত্ৰী সকলে কেনেদৰে নিজকে প্ৰস্তুত কৰিবলৈ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। ১০ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা প্ৰশিক্ষণ শিবিৰত প্ৰায় দুশৰো অধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিব বুলি উদ্যোগতাই জানিবলৈ দিয়ে। আজিৰ এই সভাত বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব ৰন্টু পানী ফুকন, হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক পলাশ সন্দিকৈ, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যাপক দেৱজিৎ ফুকন, সমাজকৰ্মী সঞ্জীৱ শইকীয়া , সাংবাদিক মুস্তাক হুছেইন, পঙ্কজ হাজৰিকাকে ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে। বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ এনে মহত কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে সকলোৱে শলাগ লয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મોરબી જિલ્લા માં બે બાળકો ના કમોત
મોરબી તાલુકામાં અલગ અલગ બે જગ્યાએ બે માસુમ બાળક ના મોત થયા નું પોલીસ દફતરે નોંધાયુ છ
પ્રથમ...
बांठिया ने ग्रामीणों क्षेत्रो का किया दौरा
बालोतरा।
भारतीय जनता पार्टी प्रदेश कार्य समिति सदस्य व व्यापार प्रकोष्ठ के प्रदेश...
HDFC AMC Share Price: ये है Safe Stock, All Time High पर क्या खरीदारी करने की है सलाह? | CNBC Awaaz
HDFC AMC Share Price: ये है Safe Stock, All Time High पर क्या खरीदारी करने की है सलाह? | CNBC Awaaz
চৰাইদেউৰ দলবাগানত ৰজাদিনীয়া পুখুৰীৰ পাৰ ভাঙি ভয়ংকৰ বিপদৰ সন্মুখীন ৰাইজ
চৰাইদেউৰ দলবাগানত ৰজাদিনীয়া পুখুৰীৰ পাৰ ভাঙি ভয়ংকৰ বিপদৰ সন্মুখীন হয় ৰাইজ।আজি ৰাতি দ'লবাগান...