ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়ুক্তই চিটিচি মেচিনত আঘতপ্ৰাপ্ত মইনা নায়কক তিনি দিনৰ ভিতৰত ১৩ লাখ ৩৩ হাজাৰ ৩৪ টকা ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশনাক বৃদ্ধাগুংষ্ঠ দেখোৱালে লক্ষ্মী টি গ্ৰুপৰ অধীনত থকা লেপেটকটা চাহ বাগিচাই। যোৱা ২২ জুলাইতে ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত পূণ্য প্ৰসাদ বাস্তলাই মইনা নায়কক ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিছিল।

কিন্ত এই  লেপেটকটা চাহ বাগিচাৰ কতৃপক্ষই  আজি পৰ্যন্ত মইনা নায়কক ক্ষতিপূৰণ আদায়ৰ নিদিয়াক লৈ আজি মৰাণত বাগিচাৰ কতৃপক্ষ বিৰোধে ক্ষোভ প্ৰকাশ কৰিলে আছাৰ কেন্দ্ৰীয় সম্পাদক দেবেন ওৰাঙে। লগতে চৰকাৰৰ এই ক্ষেত্ৰত ব্যৱহাৰ গ্ৰহণ কৰিবলৈ দাবী জনালে নেতা গৰাকীয়ে ।