দীৰ্ঘদিনীয়া বিভিন্ন দাবী পূৰণ নকৰাৰ প্ৰতিবাদত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ ঘোষিত প্ৰতিবাদী কাৰ্যসূচী । দিনৰ ২ বজালৈকে নিজ-নিজ দায়িত্ব পালন কৰি গোলাঘাট জিলাৰ কেইবা শতাধীক অসম চৰকাৰৰ অধীনস্থ কৰ্মচাৰীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমিপত হাতে-হাতে বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড লৈ প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰসন্ন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত পৰিষদৰ কেন্দ্ৰীয় সাংগঠানিক সম্পাদক প্ৰবীণ গগৈ উপস্থিত থাকি প্ৰতিবাদী কাৰ্যসূচীৰ আঁত ধৰে । বিশেষকৈ নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰা,কৰ্মচাৰীৰ বকেয়া ধন আদায় দিযা,স্বাস্থ্য বিভাগৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক ৰোগীৰ তত্বাৱধান ভাট্টা প্ৰদান কৰা,শিক্ষকৰ অৰ্জিত ছুটি ৩০ দিনলৈ বৃদ্ধি কৰা,একত্ৰিকৰণ কৰা বিদ্যালয় সমূহৰ নিম্ন স্নাতক পদসমূহ স্নাতক পদলৈ উন্নীত কৰা, ঠিকাভিত্তিক আৰু ফিক্সড-পেৰ কৰ্মচাৰীৰ দৰমহা নিয়মীয়াকৰণ কৰা, বিনামূলীয়া চিকিৎসা সেৱা আঁচনি প্ৰৱৰ্তন কৰা আদিৰ দাবীত কৰ্মচাৰীসকল সৰৱ হৈ পৰে । এই সন্দৰ্ভত গোলাঘাট জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । প্ৰতিবাদী সভাত গোলাঘাট জিলা কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা ৰূপজ্যোতি ফুকন,ঠিকাভিত্তিক শিক্ষক সন্থাৰ ধ্ৰুৱজ্যোতি শইকীয়া,এন,এম,অ',পি,এচ গোলাঘাট জিলাৰ সভাপতি হৰিহৰ বৰা,মধ্য ইংৰাজী শিক্ষক সন্থাৰ জিলা সম্পাদক দীপক গগৈ,কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সদস্য মদন গগৈ, জিলা সমিতিৰ উপ-সভাপতি অজিত শইকীয়া, গোলাঘাট জিলা হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক প্ৰাঞ্জল প্ৰদীপ শৰ্মা, আমোলা সংস্থাৰ ৰেখা শইকীয়া,দিগন্ত গগৈ আদিয়ে বক্তব্য আগবঢ়াই কৰ্মচাৰীসকলৰ দাবীসমূহ শীঘ্ৰেই পূৰণ কৰাৰ আহ্বান জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Taimur Lang ने किस चीज के लालच में Delhi पर आक्रमण किया | Tamerlane History | Tarikh E585
Taimur Lang ने किस चीज के लालच में Delhi पर आक्रमण किया | Tamerlane History | Tarikh E585
দেৰগাঁৱৰ খনিকৰ পুথি নামঘৰ
পৱিত্ৰ ভাদ আৰম্ভ। ৰাজ্যৰ বিভিন্নপ্ৰান্তৰ সত্ৰ-নামঘৰসমূহৰ লগতে দেৰগাঁৱৰ মিছামৰাৰ মহিমামণ্ডিত...
1 जनवरी 2025 से महंगी हो जाएगी BMW की गाड़ियां, कीमतों में होगी 3% की बढ़ोतरी
जर्मन ऑटोमेकर BMW भारतीय बाजार में 1 जनवरी 2025 से अपनी गाड़ियों की कीमत में बढ़ोतरी करने जा रही...
বিলাসী বাহনৰ খুন্দাত থিতাতে মৃত্যু এগৰাকী বৃদ্ধাৰ
কামৰূপ মেট্ৰ' জিলাৰ সোণাপুৰৰ যোগদলত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে...
C56 (PSLV-C56) with 6 co-passenger satellites will be launched on July 30: ISRO
C56 (PSLV-C56) with 6 co - passenger satellite will be launched from Satish Dhawan Space Center...