ৰহা ৰ বাৰপুজীয়া মঠৰবৰি ত ১১-১২শতিকাত স্থাপিত সাৰ্বজনীন থানত অহা ৬মাৰ্চৰ পৰা ৬দিনীয়া বিস্তৃত ধৰ্মীয় কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা শ্ৰীকৃষ্ণ দৌল মহোৎসৱ ৰ প্ৰস্তুতি পূৰ্নগতিত চলাই থকা হৈছে।

    ৰহা মঠৰবৰি থান পৰিচালনা আৰু দৌল মহোৎসৱ উদযাপন সমিতিৰ ৰ উদ্যোগত অনুষ্ঠিত হব লগা শ্ৰীকৃষ্ণ দৌল মহোৎসৱৰ শুভাৰম্ভ ৬ মাৰ্চত সন্ধ্যা ৬ বজাত নামঘৰৰ পৰা দৌললৈ ভাগবত অনায়ন ৰ দ্বাৰা কৰা হব।

  দ্বিতীয় দিন ৭ মাৰ্চত পুৱা ৫ বজাত প্ৰাত:প্ৰসঙ্গ, পৰিবেশ নিকাকৰণ, ৮ বজাত ধৰ্মধ্বজা উওোলন,৯বজাত সাৰ্বজনীন মঠৰ থানৰ ইতিহাস সন্বলিত লিপি উন্মোচন কৰাৰ লগতে ১০.৩০ বজাৰ পৰা শ্ৰী ভাগবত আৰু সাংস্কৃতিক শুভাযাত্ৰা আৰু নাম প্ৰসঙ্গ অনুষ্ঠিত হব।

দিনৰ ১২ বজাত ঐতিহাসিক পটভূমিত মঠৰ থান শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হব।

  আলোচনা চক্ৰ ত আলোচক ৰূপে এক শৰন ভাগবতী সমাজ, অসমৰ অধ্যক্ষ প্ৰতাপ চন্দ্ৰ মেধি,বিশিষ্ট অতিথি ৰূপে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ৰ লগতে ৰহা,মৰিগাঁও সমষ্টিৰ বিধায়ক সকলৰ লগতে গনমান্য ব্যক্তি উপস্থিত থাকিব। সন্ধ্যা ৭ বজাত আই সকলৰ দ্বাৰা অভিসপ্ত তুলসী নামৰ ভাওনাৰ প্ৰদৰ্শন কৰা হব।

৮ মাৰ্চত আঞ্চলিক আই সকলৰ দ্বাৰা নাম কীৰ্ত্তন, ২বজাৰ পৰা শ্ৰী ভাগবত পাঠ আৰু সন্ধ্যা ৭ বজাত নাট্য অনুষ্ঠান মৰমৰ ককাইদেউ অনুষ্ঠিত হব। চতুৰ্থ দিন ৯ মাৰ্চত পুৱা বিভিন্ন ধৰ্মীয় কাৰ্য্যসূচী অনুষ্ঠিত হব।১০ মাৰ্চত পুৱা বিভিন্ন ধৰ্মী য় কাৰ্যসূচী অনুষ্ঠিত হব।

দৌল মহোৎসৱ ৰ অন্তিম দিন ১১ মাৰ্চত পুৱা প্ৰাত:প্ৰসঙ্গ ৰ লগতে দিনৰ ২বজাত গান্ধিবৰি নামতি দলৰ দ্বাৰা দিহানাম,বিয়লি ৫ বজাত নামকীৰ্তন ৰে দৌলৰ পৰা কীৰ্ত্তন ঘৰলৈ ভাগবত লৈ গমন অনুষ্ঠান অনুষ্ঠিত হোবাৰ লগতে সন্ধ্যা ৭ বজাত হেঙুল হাইতাল,ৰহা নাট্য গোষ্টিৰ দ্বাৰা  নাট্য অনুষ্ঠান মা কচম অনুষ্ঠিত কৰা হব।মঠৰবৰি থান পৰিচালনা আৰু দৌল মহোৎসৱ উদযাপন সমিতিৰ য়ে সমুহ ভক্তপ্ৰান ৰাইজৰ উপস্থিতিৰ কামনা কৰিছে।