গোলাঘাটৰ গৰিয়াজান আৰু ৰঙামাটিত কৃষিমন্ত্ৰী অতুল বৰা । গোলাঘাট ২৬ ফেব্ৰুৱাৰী। কৃষি মন্ত্ৰী অতুল বৰাই আজি গৰিয়াজান পানী যোগান আঁচনি উদ্বোধন কৰাৰ লগতে ৰঙামাটিত অনুষ্ঠিত সদৌ অসম ৰবিদাস সন্মিলনৰ সোণালী জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ বন্দনা কাণ্ডৰ লগতে সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্তব্য কৰে। তেওঁ কয় -এআইডিইউএফৰ কুটিল ৰাজনৈতিক অভিসন্ধিক লৈ চিন্তিত নহয় মিত্ৰজোঁট । আনহাতে কলিয়াবৰ লোকসভা সমষ্টিত মৃণাল শইকীয়াই প্ৰাৰ্থিত্ব পাব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।