অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন, খাদ্য-অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ  মন্ত্ৰী তথা  তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰী ৰনজিৎ কুমাৰ দাসে আজি তিনিচুকীয়া পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ সৈতে তিনিচুকীয়া পৌৰসভা কাৰ্য্যালয়ৰ সভাকক্ষত  তিনিচুকীয়া পৌৰসভাৰ অধীনত ৰূপায়ন হৈ থকা বিভিন্ন জনকল্যাণমূলক  আঁচনি তথা কামকাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |


বৈঠকত অতিৰিক্ত উপায়ুক্ত শ্ৰী চৰফ্ৰাজ হক, পৌৰসভাৰ সভাপতি শ্ৰী  পৱিত্ৰ গগৈ, উপ-সভাপতি শ্ৰীমতী  ইন্দিৰা ৰয়, তিনিচুকীয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া শ্ৰী মনজিৎ দলে  প্ৰমুখ্যে তিনিচুকীয়া পৌৰসভাৰ বিভিন্ন ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰসকল আৰু পৌৰসভাৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

আজিৰ বৈঠকতে গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী শ্ৰী দাসে পৌৰসভা কাৰ্য্যালয়ত কৰ্মৰত কৰ্মচাৰীৰ সংখ্যা, বাৰ্ষিক কৰ সংগ্ৰহ সন্দৰ্ভত আলোচনা কৰে।

মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া পৌৰসভাৰ অধীনত ৰূপায়ন হৈ থকা খোৱা পানী যোগান আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া) ৰ লগতে চহৰৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি  ২০১৮-১৯ ৰ অধীনত তিনিচুকীয়া পৌৰ এলেকাত চলিত  পথ আৰু নৰ্দমা নিৰ্মাণৰ অগ্ৰগতিৰো খতিয়ান লয়।  

অভিভাৱক মন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী ৱাৰ্ড কমিচনাৰৰ সৈতে নিজ নিজ ৱাৰ্ডৰ সমস্যাৰাজি সন্দৰ্ভতো আলোচনা কৰে।

ইয়াৰ উপৰিও পৌৰসভাৰ অধীনত ৰূপায়ন হৈ থকা অন্যান্য আচঁনিৰ অগ্ৰগতিৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে  বিতংভাবে আলোচনা কৰে।