তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত

তিনিচুকীয়াৰ থানা চাৰিআলিস্থিত মা কামাখ্যা নামৰ এখন চছমা দুকানৰ পৰা ড্ৰাগছ সহ এজনক আটক আৰক্ষীৰ ।

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী গৰাকী মা কামাখ্যা নামৰ চছমা দুকানৰ কৰ্মচাৰী অজয় ঠাকুৰীয়া বুলি জানিব পৰা গৈছে ।

আটকাধীন লোক জনৰ পকেটৰ  পৰা ২.৩ গ্ৰাম ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে ।

আটকাধীন লোকজনে জিলাখনৰ বিভিন্ন স্থানত ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য লাভ কৰাৰ লগতে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে তিনিচুকীয়া আৰক্ষীয়ে ।