নাগালেণ্ডত অনুষ্ঠিত হ'বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই শেহতীয়াভাৱে জাৰি কৰা এক আদেশযোগে চৰাইদেউ জিলাত অহা ২৫ ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া ৪ বজাৰ পৰা ভোটদানৰ দিনা অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া ৪ বজালৈ তথা ভোট গণনাৰ দিনা অৰ্থাৎ ২ মাৰ্চত ভোট গণনা প্ৰক্ৰিয়া শেষ হোৱালৈ ড্ৰাই ডে' ঘোষণা কৰিছে। যদি পুনৰ ভোটগ্ৰহন হয়, তেনেক্ষেত্ৰত সেইদিনাখনো ড্ৰাই ডে' বাহাল থাকিব। 

এই সময়ছোৱাত সুৰাজাতীয় সামগ্ৰীৰ বিক্ৰী, মজুতকৰণ আৰু বিতৰণৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। 

উল্লেখযোগ্য যে, এই আদেশ উলংঘাকাৰীসকলৰ বিৰুদ্ধে অসম আবকাৰী আইনৰ প্ৰযোজ্য ধাৰাৰ অধীনত বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।