গোলাঘাটত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আলোচনা। বান ক্ষতিগ্ৰস্তই ছঘণ্টাৰ ভিতৰতে লাভ কৰিব সাহায্য সামগ্ৰী, ১০ মাৰ্চৰ ভিতৰত পৰিকল্পনা যুগুত কৰিবলৈ বিভাগসমূহক নিৰ্দেশ উপায়ুক্তৰ। গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বাৰিষাৰ বতৰত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি তথা বিভিন্ন বিভাগৰ দায়িত্ব আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন দিশ আলোচনা কৰা হয় । উপায়ুক্তগৰাকীয়ে বানপানী আৰু যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে ততালিকে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক অৱগত কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে । তেওঁ বিশেষকৈ বানৰ ক্ষয়-ক্ষতি নিয়ন্ত্ৰণ ব্যৱস্থাটো সফল আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ওপৰতে সকলো নিয়ন্ত্ৰণ নাৰাখি বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে চক্ৰ বিষয়া পৰ্যায়তে বিষয়সমূহৰ জোৰা মাৰিব পৰা যায় । উপায়ুক্তগৰাকীয়ে বানৰ কবলত পৰা লোকক এই বিষয়ে অৱগত হোৱাৰ ছঘণ্টাৰ ভিতৰতে যাতে প্ৰয়োজনীয় সাহায্য সামগ্ৰী যোগান ধৰিব পৰা যায়, সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগক প্ৰয়োজনীয় ঔষধ-পাতি মজুত ৰাখিবলৈ আৰু পশুপালন আৰু পশুচিকিৎসা বিভাগক বানপানীৰ সময়ত যাতে পোহনীয়া জীৱ-জন্তুৱে খাদ্যৰ অভাৱত ভুগিবলগীয়া নহয় তাৰ বাবে পৰ্যাপ্ত পশুখাদ্য মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে । তেওঁ জলসম্পদ বিভাগ আৰু লোকনিৰ্মাণ (পথ) বিভাগক বানপানীৰ পূৰ্বে চিগা মথাউৰি, পথ আদি চিনাক্ত কৰি মেৰামতিৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । লগতে সমাজ কল্যাণ বিভাগক প্ৰয়োজনীয় শিশু খাদ্য মজুত ৰখাৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়ে । তেওঁ শিক্ষা বিভাগক আশ্ৰয় শিবিৰ স্থাপন কৰিবলগীয়া বিদ্যালয় গৃহসমূহৰ আন্তঃগাঁথনিৰ ওপৰত বিশেষভাৱে চকু দিবলৈ নিৰ্দেশ দিয়ে । লগতে উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় নাৱৰ ব্যৱস্থা, এছ ডি আৰ এফৰ দল আৰু বিভিন্ন বিভাগৰ কৰণীয় সন্দৰ্ভত সভাত আলোচনা কৰা হয় । উপায়ুক্তগৰাকীয়ে আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰীৰ পৰ্যাপ্ত যোগান, বিজ্ঞানসন্মত অনাময় ব্যৱস্থা আৰু শিশুৰ বাবে অনুকূল স্থানৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ অহা ১০ মাৰ্চৰ ভিতৰত সংশ্লিষ্ট বিভাগসমূহক বানৰ প্ৰস্তুতি সন্দৰ্ভত পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিয়ে । জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰে সভাত জিলাখনত বিগত বৰ্ষৰ বানত হোৱা ক্ষয়-ক্ষতি আৰু সম্ভাব্য বানৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাৱে বৰ্ণনা কৰে । তেওঁ মাৰ্চ মাহৰ ভিতৰতে আশ্ৰয় শিবিৰৰ দায়িত্বত থকাসকলৰ বাবে প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰে । সভাত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিঞ্চেংফা বৰুৱা, চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী আৰু প্ৰতিনিধিসকল উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
લીંબડી-સાયલા હાઈ-વે પર ખનીજના દરોડા: રેતીની ચોરી સામે કોઈ કાર્યવાહી નહીં થતાં અનેક ચર્ચાઓ
લીંબડી-સાયલા હાઈવે પર ખાણ ખનીજ વિભાગ દ્વારા વાહન ચેકિંગ કાર્યવાહી હાથ ધરાઈ હતી. ઓવરલોડ રેતી અને...
શ્રમદાનમાં ધારાસભ્ય શ્રી કનૈયાલાલ કિશોરી સહિત દાહોદ નગરપાલિકાના કાઉન્સિલર જોડાયા
દાહોદ શહેરના વિવિધ માર્ગો પર સ્વચ્છતા શ્રમદાનમાં ધારાસભ્યશ્રી કનૈયાલાલ કિશોરી,સહિત નગરપાલીકના...
પાલનપુરમાં 72 કલાક બાદ પણ બાળકીન હ****ત્યારાઓ પોલીસ પકડથી દૂર #aadhaarpanlinknewsgujarati,
પાલનપુરમાં 72 કલાક બાદ પણ બાળકીન હ****ત્યારાઓ પોલીસ પકડથી દૂર #aadhaarpanlinknewsgujarati,
મુકેશભાઈ પટેલે આજ રોજ ચોટીલા શક્તિપીઠ ખાતે મા ચામુંડાના દર્શન કરી પાવનકારી આશીર્વાદ પ્રાપ્ત કર્યા.
આજ રોજ ઓલપાડ વિધાનસભાના ધારાસભ્ય અને કૃષિ ઉર્જા અને પેટ્રોકેમિકલ્સ રાજ્ય મંત્રી મુકેશભાઈ...
Breaking News: 17 मई को Raebareli और Amerthi में संयुक्त जनसभा करेंगे राहुल गांधी व अखिलेश यादव
Breaking News: 17 मई को Raebareli और Amerthi में संयुक्त जनसभा करेंगे राहुल गांधी व अखिलेश यादव