যোৱা ৪ আগষ্ট তাৰিখে মহৰিচুক গাৱঁত আয়োজন কৰা এটা সামাজিক অনুষ্ঠানত খাদ্যত বিষক্ৰিয়াৰ এটা দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত বাতৰি অনুসৰি প্ৰসাদ (মগু, বুট) গ্ৰহণ কৰাৰ পিছত ১৮জন লোক অসুস্থ হৈ পৰে। তাৰে ভিতৰত ৩ গৰাকী শিশু। অসুস্থসকলক ততাতৈয়াকৈ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয়। দুজনৰ অৱস্থাৰ অৱনতি হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হৈছে।

জিলা উপায়ুক্তই আজি ঘটনাস্থলী আৰু জিলা চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। সমগ্ৰ ঘটনাটোৰ ওপৰত জিলা প্ৰশাসনে সুক্ষ্ম দৃষ্টি ৰাখিছে আৰু ইতিমধ্যে জিলা উপায়ুক্ত ও জিলা দণ্ডাধীশে অতিৰিক্ত জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ জাৰী কৰিছে।