দেউৰী স্বায়ত্তশাসিত পৰিষদৰ গোগামুখ সমষ্টিৰ কাৰ্য্যবাহী সদস্য ৰাকেশ বৰদেউৰী , পৰিষদৰ ৰাজহুৱা কামকাজ বিভাগৰ কাৰ্য্যবাহী সদস্য প্ৰফুল্ল দেউৰী আৰু পৰিষদৰ আন সদস্য সকলৰ সৈতে আজি গোগামুখস্থিত দেউৰী সাহিত্য সভাৰ ভৱনৰ মেৰামতিৰ তথা উন্নীতকৰণৰ বাবে পৰ্যবেক্ষণ কৰে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ভৈৰৱ দেউৰীয়ে l লগতে পৰিষদৰ পুঁজিৰে নিৰ্মীয়মান গোগামুখ দেউৰী ভৱনৰ নিৰ্মাণকাৰ্যৰ বুজ লয় দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ভৈৰৱ দেউৰীয়ে।