বিশ্বৰ ইতিহাসলৈ যদি চোৱা হয় তেনে হ'লে দেখা যায় ৰোমিও-জুলিয়েটৰপৰা মমতাজ-ছাহজাহানলৈকে বহু প্ৰেম কাহিনী আজিও অমৰ হৈ আছে। আনহাতে অসমৰ প্ৰেক্ষাপটত গদাপাণি-জয়মতীৰপৰা জংকী-পানৈ নাইবা লাইকা-মজনুৰ প্ৰেম কাহিনীয়ে সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি ৰাখিছে। এই প্ৰেমৰ বাবেই বিভিন্ন ঠাইত আজিও জিলিকি আছে বহু স্মৃতি চিহ্ন। তেনে এক নিদৰ্শন দেখা পোৱা যায় চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কানুবাৰীত।