নিশা সোণাৰিত ভুৱা চাকৰিৰ প্রৱঞ্চক আটক। প্ৰায় ডেৰ শতাধিক লোকৰ পৰা চাকৰিৰ নামত আত্মসাত কৰিলে ধন।

চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ যুৱতী যুৱতীৰ পৰা চাকৰিৰ নামত লক্ষাধিক টকা আত্মসাত কৰা প্রৱঞ্চক আটক কাকতিবাৰী আৰক্ষীৰ।কাকতিবাৰী আৰক্ষীয়ে আটক কৰা প্রৱঞ্চক টোৱে প্রায় ১৫০ গৰাকী যুৱক যুৱতীৰ পৰা দেৱদূত এম্বুলেন্স সেৱাত নিযুক্তি প্ৰদানৰ দাবীত ২৮০০ টকাকৈ আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে।যোৰহাটৰ ৰাকেশ জ্যোতি বৰা নামৰ প্রৱঞ্চকটোৱে ২০২২ বর্ষৰ মাৰ্চ মাহৰ পৰাই জিলা খনৰ বিভিন্ন প্ৰান্তৰ যুৱতী যুৱতী সকলৰ পৰা টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে।কাকতিবাৰী আৰক্ষীয়ে প্রৱঞ্চক টোৰ সহযোগী মিন্টু মণি বৰা নামৰ মহিলা গৰাকীকো কৰায়ত্ত কৰিছে।ইতিমধ্যে

ভুক্তভোগী সকলৰ এজাহাৰৰ ভিত্তিত কাকতিবাৰী আৰক্ষীয়ে 12/23,Under sec 420/406 IPC.গোচৰ ৰুজু কৰিছে।