মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সহাৰি জনাই আজি পুৱাই নৰ্মাল স্কুল ঢকুৱাখনাৰ এশগৰাকী ডি,এল,এড, প্ৰশিক্ষাৰ্থীয়ে বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত পতিত ভূমিত ৰোপণ কৰে দুইশতাধিক চোমগছৰ পুলি। ঢকুৱাখনাৰ মুগা শিল্পৰ ঐতিহ্য ৰক্ষা কৰাত চোম গছৰ আছে আছে অন্যতম ভূমিকা।সেইয়ে আজি প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়েই নৰ্মাল স্কুলৰ চৌহদ শ্যামলী কৰি তুলিবৰ বাবে ৰোপণ কৰিলে চোম গছৰ পুলি। এই গছ পুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ঢকুৱাখনা উপ বন খণ্ডৰ বন বিসয়া কৰুণা কান্ত দাসে।কাৰ্যসূচীত নৰ্মগল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰকে প্ৰমূখ্যে কৰি ভালে সংখ্যক বিশিষ্ট লোকো উপস্থিত আছিল।
মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই শতাধিক গছ পুলি ৰোপণ || ঢকুৱাখনা নৰ্মাল স্কুলত শ্যামলী চৌহদ গঢ়াৰ প্ৰয়াস প্ৰশিক্ষাৰ্থীৰ
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/07/nerity_0dca902745a2424eede644983a6c6fa3.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)
![Love](https://storage.googleapis.com/nerity.com/uploads/reactions/love.png)