ঢকুৱাখনা মৰনৈ পঞ্চায়তৰ এটা পথক লৈ তীব্ৰ উত্তেজনা।যোৱা বছৰ MGNREGAৰ অধীনত শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কৰঙা গাঁৱলৈ নিৰ্মান কৰা পথটো 'চালিয়া জানৰ 'ৰ সমীপত এছোৱা খহি পৰাত ৰাইজৰ ক্ষোভ ।প্ৰায় চাৰি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথটোৰ কাম অতি নিম্নমানৰ হোৱাৰ বাবে চালিয়া জান অংশ চাম পৰা নৈ ৰ ফালে খহি পৰাত চিন্তিত হৈ পৰিছে ৰাইজ ।

বিশেষকৈ কৌপাতনি ,কৰঙা ,ভঁৰাল ভেটি ,পাৰঘলী আৰু বাসুদেৱ থান নৰোৱা সত্ৰ আদিত পানীৰ হোৱাৰ আশংকাত এনেদৰে ৰাইজ ওলাই আহিছে।।পথ চোৱাৰ কৌপাতনি আৰু কৰঙা মাজৰ 'চালিয়া জান'অংশ মজবুতকৈ পুনৰ নিৰ্মান কৰাৰ দাবী জনাইছে।