বিগত সময়ত বিশ্বনাথৰ বিভিন্ন অঞ্চলত চুৰি হোৱা সামগ্ৰীৰে ভৰি পৰিছে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানা।আজি বিশ্বনাথ সদৰ আৰক্ষী থানাই অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমানৰ কাঁহ-পিতলৰ সামগ্ৰী সহ এঘাৰ জনকৈ গভাইত চোৰক।এই ১১ জনীয়া গভাইত চোৰৰ দলটোৰ ভিতৰত অধিকাংশ চোৰেই হ'ল নাবালক।কিন্তু নাবালক বুলি ভুল নাযাব।কাৰণ এই চোৰৰ দলটোয়ে বিশ্বনাথত দীৰ্ঘদিনে এক আতংকময় পৰিবেশ সৃষ্টি কৰি আহিছিল।ঘৰত মানুহ নথকা অৱস্থাত এই চোৰৰ দলটোয়ে বিগত সময়ত ঘৰৰ তলা ভাঙি চলাই আহিছিল চাফাই আভিযান।আনকি,এই চোৰৰ দলটোয়ে মূল্যৱান আ-অলংকাৰ লগতে ঘৰৰ কাঁহ-পিতলৰ কাঁহি বাতি চোৰ কৰাৰ লগতে চৰুৰ ভাত পৰ্যন্ত খায় সেই চৰুত মল ত্যাগ কৰি অত্যাচাৰ চলাই আহিছিল গৃহস্থক।বিশ্বনাথৰ সাধাৰণ জনতাৰ লগতে বিশ্বনাথ আৰক্ষীৰো এক মুৰৰ কামোৰণি স্বৰূপ হৈ পৰিছিল এই চোৰৰ দলটো।অৱশেষত যোৱা নিশা বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ উপ আৰক্ষী বিষয়া অনিল সোণোৱাল নেতৃত্বত আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছামদান হাজোৱাৰীৰ নিৰ্দেশত বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাৰ সমীপৰ দীঘলী পুখুৰীৰ পৰা অভিযান চলাই এই ১১ জনকৈ গভাইত চোৰক কৰায়ত্ত কৰি তদন্ত অব্যাহত ৰাখাৰ লগতে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ কাঁহ পিতলৰ সামগ্ৰী পানীৰ মটৰ আৰু ছাউণ্ড চিষ্টেম।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पुलिस लाइन में बनेगा एसटीएफ के लिए चार मंजिला भवन
आगरा: पुलिस लाइन में एसटीएफ के लिए चार मंजिला भवन तैयार किया जाएगा। एसएसपी प्रभाकर चौधरी ने नए...
চৰাইদেউত স্বাধীনতা দিৱস উদযাপন।
চৰাইদেউত স্বাধীনতা দিৱস উদযাপন।
माहमारा राजस्व चक्राधिकारी कार्यालय के सौजन्य से हर घर तिरंगा कार्यक्रम के तहत "स्लोगन लेखन स्पर्धा"
माहमारा राजस्व चक्राधिकारी कार्यालय के सौजन्य से हर घर तिरंगा कार्यक्रम के तहत "स्लोगन लेखन स्पर्धा"
ભરૂચ : જંબુસર ખાતે પ્રાઈમિનિસ્ટર સાહેબની સભા યોજાઈ હતી.
ભરૂચ : જંબુસર ખાતે પ્રાઈમિનિસ્ટર સાહેબની સભા યોજાઈ હતી.