ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্প উদ্যোগত আলিমুৰ বালি গাঁৱত অংগণবাদী কেন্দ্ৰত বিশ্ব স্তনপান সপ্তাহ পালন।মাতৃ স্তনপান দ্বাৰা প্রয়োজনীয় সকলো পুষ্টি লাভ কৰি শিশুৰ সুস্বাস্থ্য গঠন কৰাৰ বাবে মাতৃ সকলক বিশেষভাৱে অণুপ্ৰেৰণা দিয়াৰ উদ্দেশ্যেৰে ১ আগষ্ট ৰপৰা ৭আগষ্টলৈ সমগ্র বিশ্ব লগতে ভাতবর্ষতো সপ্তাহ জুৰি পালন কৰা হৈছে বিশ্ব স্তনপান সপ্ততাহ।

সমান্তৰালভাবে অসম  জনকল্যান বিভাগ ৰ অন্তৰ্গত ঘিলামৰা সংহত শিশু উন্নয়ন প্ৰকল্প উদ্যোগত বৰ্ষামুখ চেকট্টৰ সমূহে আলিমূৰ ভাটি খণ্ডৰ ৰংগমঞ্চৰ আলিমূৰ বালি গাঁৱৰ অংগণবাদী কেন্দ্ৰটো উদযাপন কৰা হয় বিশ্ব স্তনপান সপ্তাহ। মহিলা সকলক উপযোগী খাদ্য ৰ সম্পকেও সভাত বিষদ ভাবে আলোচনা কৰাৰ লগতে এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।।