নগাঁও জিলাৰ ৰহা কপিলী শিক্ষা খণ্ড ৰ অন্তৰ্গত হাটবৰ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত হাটবৰ মধ্য ইংৰাজী বিদ্যালয় ত আজি ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধন, ছাত্ৰ ছাত্ৰী,অবিভাবক আৰু শিক্ষক শিক্ষয়ত্ৰী সকলৰ মাজত সু সম্পৰ্ক গঢা আৰু বিদ্যালয় ৰ লগত ৰাইজৰ সম্পৰ্ক গঢাৰ উদ্দেশ্যে ৰে আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ ত ৰাইজৰ উৎসৱ ২০২২-২৩অনুষ্ঠিত হয়।হাটবৰ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ে অংশ গ্ৰহন কৰা ৰাইজৰ উৎসৱ ত ছাত্ৰ ছাত্ৰীৰ মাজত খেল ধেমালী ৰ লগতেগীতনাচৰ অনুষ্ঠানত অনুষ্ঠিত হয়।এই উপলক্ষে মুকলি সভা আৰু বঁটা বিতৰন অনুষ্ঠানো অনুষ্ঠিত হয়।