মৰাণৰ ঠেঙালত যৌতুকৰ দাবীত পত্মী নিৰ্য্যাতনৰ ঘটনা। স্বামীৰ কুঠাৰৰ আক্ৰমনত ধৰাসায়ী পত্মী। সঙ্কটজনক অৱস্থাত চিকিৎসাধীন ৰাজ্যজুৰি আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধেকঠোৰ ব্যৱস্থা গ্ৰহন কৰাৰ সময়তে যৌতুকৰ দাবীত মৰাণত এগৰাকী পত্মীক তেওঁৰ স্বামীয়ে নৃশংসভাৱে কুঠাৰেৰে আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত বামুনবাৰী আৰক্ষী চকীৰ এলেকাধীন ঠেঙালত সংঘটিত হৈছে এই ভয়ঙ্কৰ ঘটনা। আজি কাহিলী পুৱাতে ঠেঙাল গাঁৱৰ লোহিত সন্দিকৈ নামৰ ব্যক্তিজনে ।নিজৰ পত্মী চম্পা সন্দিকৈক পাছফালৰ পৰা মুৰত এখন কুঠাৰেৰে আক্ৰমণ কৰে।এই আক্ৰমণত ধৰাসায়ী হৈপৰামহিলা গৰাকীক সঙ্কটজনক অৱস্থাত পৰিয়ালৰ লোকে। উদ্ধাৰ কৰি সম্প্ৰতি মৰাণৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে। চিকিৎসালয়ত মহিলা গৰাকীৰ অভিযোগ অনুসৰি স্বামী লোহিত গগৈৰ লগতে স্বামীৰ পৰিয়ালে যৌতুকৰ দাবীত প্ৰায়েই নিৰ্যাতন কৰি আহিছিল ।যোৱা নিশা ঘৰৰ পৰা ওলাই যোৱা লোহিত সন্দিকৈয়ে আজি কাহিলী পুৱাতে ।ঘৰলৈ অহাত দুৱাৰ খুলি দিয়াৰ পাছতে পত্নীক আক্ৰমণ কৰে।ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীৰ পিতৃৰ পৰিয়ালৰ পৰা এজাহাৰ দাখিল কৰাৰ পাছতে মহিলা।গৰাকীৰ স্বামীক আটক কৰে।ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ।কৰিছে