ৰহাৰ সমিপবৰ্তী চৰাইবাহীত মহাপুৰুষীয়া আদিপন্থা সমাজ,অসমৰ তিনিদিনীয়া ৬৬তম্ মহাপালনাম ৰ অনুষ্ঠিত হব।

কেন্দ্ৰীয় আৰু অভ্যৰ্থনা সমিতিয়ে জানিব  দিয়া মতে ৪ ফেব্ৰুৱাৰী ত পুবা ৪.৩০বজাত প্ৰাত:প্ৰসংগ,৮বজাত মূলদ্বাৰ উন্মোচন কৰিব মৰিগাঁও ৰ অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস,৮.৩০ বজাত অভ্যৰ্থনা সমিতিৰ বৈঠক,১০বজাত খোল প্ৰসংগ, নাম প্ৰসংগ, নিশা ৭বজাত কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সভা অনুষ্ঠিত হব।৮ বজাত আধ্যাত্মিক চিন্তন বৈঠক।

৫ফেব্ৰুবাৰী দ্বিতীয় দিনা পুবা উষা কীৰ্তন,খোল প্ৰসংগ, ৯ বজাত শ্ৰীমদ্ভগৱত ভ্ৰমণ ও বৰ্নিল সাংস্কৃতিক শোভাযাত্ৰা।শোভাযাত্ৰা ৰ উদ্বোধন কৰিব মৰিগাঁও ৰ উপায়ুক্ত দেবাশীষ শৰ্মা।বিয়লী ২বজাৰ পৰা ধৰ্মলোচনা সভা অনুষ্ঠিত হব।সভাত মুখ্য অতিথি ৰূপে অসম চৰকাৰ ৰ কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকা লগতে কেইবাজন বিশিষ্ট আৰু আমন্ত্ৰিত অতিথি উপস্থিত থকাৰ লগতে স্মৃতি গ্ৰন্থৰ উন্মোচন কৰিব চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল নাথে।৬ ফেব্ৰুৱাৰীত পুবা ৫ বজাত মহাপালনামৰ সামৰনি।৯.৩০ বজাত কেন্দ্ৰীয় আৰু অভ্যৰ্থনা সমিতিৰ যুটীয়া বৈঠক আৰু নিশা ৯.৩০ বজাত কাছধৰা সমাজৰ দ্বাৰা অংকীয়া ভাওনা "ভীষ্ম পৰ্ব"ৰ প্ৰদৰ্শন কৰিব।