আজিৰে পৰা গোলাঘাটৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠান। এই উপলক্ষে আজি উদযাপন সমিতিৰ সভাপতি গুণগোবিন্দ শৰ্মাই স্মৃতি তৰ্পণৰ পাছতে ২৫ জনকৈ বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৰূপালী জয়ন্তী বৰ্ষৰ ২৫ খন পতাকা উত্তোলন কৰে। বন্তি প্ৰজ্বলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি নবীন শইকীয়াই। তাৰ পাছতেই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সহযোগত বাৰেৰহনীয়া এই শোভাযাত্ৰা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিদ্যা ভাৰতী প্ৰান্তীয় নিৰীক্ষক যোগাচাৰ্য দেৱ দাস সিনাহাই। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বিদ্যালয় খনৰ ৰূপালী জয়ন্তী বৰ্ষৰ কালিলৈ অনুষ্ঠিত কৰা হ'ব মুকলি সভাৰ। নিকেতন পৰিচালনা সমিতিৰ সভাপতি নবীন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ বিত্ত মন্ত্ৰী তথা স্থানীয় বিধায়ক অজন্তা নেওগ, নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বিদ্যাভাৰতী শিশু শিক্ষা সমিতি অসমৰ সভাপতি দিব্যজ্যোতি মহন্ত, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা, খুমটাই সমষ্টিৰ জনপ্ৰিয় বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত ড° পি উদয় প্ৰবীণ, আৰক্ষী অধীক্ষক ৰমন দ্বীপ কোৰ, বিদ্যালয় সমূহৰ পৰিদৰ্শক সমিৰণ বৰা, উত্তৰ অসম প্ৰান্তৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্তীয় প্ৰচাৰক নৃপেন বৰ্মন, বিশিষ্ট নিবন্ধকাৰ ডঃ আজিত বৰুৱা, পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা আদিকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি অংশগ্ৰহণ কৰিব বুলি উদ্যোগতাই জানিবলৈ দিয়ে। উক্ত সভাতেই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি স্মৃতি গ্ৰন্থ উন্মোচন কৰিব যোৰহাট মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মূৰব্বী অধ্যাপক সৌমিত্ৰ পূজাৰীয়ে। সন্ধিয়ালৈ নিকেতনৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা মহাপুৰুষীয়া অমৰ সৃষ্টি কুম্ভ অৱতাৰ এখন ভাওনা প্ৰদৰ্শন কৰা হ'ব। এই ভাওনা উন্মোচন কৰিব দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক বোলছবি পৰিচালক দীনেশ গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બોટાદ જિલ્લામાં 'યોગ દિવસ' દીવસની ઉજવણી માટે અનોખું આયોજન... કલેક્ટર શ્રી બોટાદ દ્વારા પ્રેસ કોન્ફ..
બોટાદ જિલ્લામાં 'યોગ દિવસ' દીવસની ઉજવણી માટે અનોખું આયોજન... કલેક્ટર શ્રી બોટાદ દ્વારા પ્રેસ કોન્ફ..
અદાણીના દાવ બાદ NDTVના શેર ઉડ્યા, ખરીદદારોની દોડ, અપર સર્કિટ શરૂ
અદાણી ગ્રૂપે NDTV હસ્તગત કરવાની તૈયારી કરી હોવાના સમાચાર બાદ NDTVના શેરમાં જબરદસ્ત ઉછાળો જોવા...
Rahul must apologize for defaming India on foreign lands : Chugh
BJP national general secretary Tarun Chugh today fired senior Congress leader Rahul Gandhi for...
Yerwada Jail : येरवाडा तुरुंगातील कैद्यांनी साकारल्या पर्यवरणपूरक गणेश मुर्त्या |Ganesh Murti Making
Yerwada Jail : येरवाडा तुरुंगातील कैद्यांनी साकारल्या पर्यवरणपूरक गणेश मुर्त्या |Ganesh Murti Making