শাওনৰ দ্বিতীয় টো বানে গোগামুখ ৰাজহ চক্ৰ অন্তৰ্গত প্ৰায় ৪০ খন গাঁৱৰ হাজাৰ হাজৰ হেক্টৰ খেতি অনিষ্ট কৰে।

জীয়াঢ়ল ,কুমতীয়া নদীৰ সাপেখাতি বগলীজানৰ ভগ্ন মাথাউৰী অংশৰে অহা বাহিনী পানী হ্ৰাস পাইছে যদিও আজি পৰ্যন্ত দুৰ্যোগ আতৰাই নাই বানাক্ৰান্ত লোক। গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ৪০ খনৰো অধিক গাঁৱত এক অবৰ্ণনিয় পৰিৱেশ বিৰাজ কৰি আছে। বানাক্ৰ অঞ্চলৰ ঘৰসমূহৰ উলাইছে যদিও চোতাল সমূহৰ আজিও পানী তলত ।

বানৰ ফলত বানাক্ৰান্ত এলেকাৰ সহস্ৰাধিক পৰিয়ালৰ খাদ্য , খোৱা পানীৰ অভাৱত হাহাকাৰ । 

খাদ্যৰ অভাৱত পশুধনৰো বিলাই বিপত্তি নোহোৱা হৈছে। উল্লেখ্য যে, জীয়াঢ়ল , কুমতীয়া , ন-নদীৰ জলস্তৰ সামান্য হ্ৰাস পাইছে যদিও দুৰ্যোগ মাজতে জীৱন অতিবাহিত কৰিছে ।বৰদৈবাদলুকা , চুতীয়াকাৰী, টেঙাগড়া, ৰতুৱা , বেতনিহোলা আদি গাঁৱৰ ৰাইজৰ ঘৰ সমূহ ডুব গৈ আছে আৰু খেতি-পথাৰবোৰ পানী তলতে আছে । অৰুণাচল প্ৰদেশত বৰষুণ হ'লেই পুনৰ বানে বিধ্বস্ত কৰি পেলাব । এতিয়া বানাক্ৰান্তই দিনে-নিশাই উজাগৰে নিশা কটাবলগীয়া অৱস্থা সৃষ্টি হৈছে । বানৰ ফলত বহু লোকৰ জ্বৰ,মুৰৰ বিষ, খজুৱতি আদিকৰি বিভিন্ন ধৰনৰ বেমাৰ আজাৰে দেখা দিছে। বৰদৈবাদলুকা , চুতীয়াকাৰী, টেঙাগড়া, ৰতুৱা , বেতনিহোলা ভোকাতু বৰ্ন্যাতৰ প্ৰতি জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী, সাংসদ খবৰ নোলোৱাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে বান আক্ৰান্ত অঞ্চলত সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।