নামনি মাজুলীৰ বালিজান , চেলেক আদিকে ধৰি কেইবাখনো গাঁৱৰ ছাত্ৰছাত্ৰীয়ে অধ্যয়ন কৰা  বালিজান জনজাতি এম ই স্কুল খন চেলেক উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগত চামিল কৰাৰ বিৰুদ্ধে  ছাত্ৰছাত্ৰী আৰু অভিভাৱক সকলে  আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ১৯৯৫ চনতেই প্ৰতিষ্ঠা হোৱা এই বিদ্যালয় খনত বৰ্তমানো প্ৰায় ৭০ জন ছাত্ৰছাত্ৰী থকাৰ পিছতো বিদ্যালয় খন এই স্থানৰ পৰা আতৰাই নিবলৈ বিছৰাত অভিভাৱক সকলে শিক্ষা বিভাগক কঠোৰ সমালোচনা কৰিছে ৷ বিষয়টো শিক্ষামন্ত্ৰী জনক গুৰুত্ব সহকাৰে লৈ পুনৰবাৰ বিবেচনা কৰিবলৈ দাবী জনাইছে ৷