অহা ৯ ছেপ্টেম্বৰত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত বুলু ফিল্ম।

এখন গাঁও। নামনি অসমৰ এখন সাধাৰণ গাঁৱকো বাৰুকৈয়ে সমস্যাত পেলাইছিল লক ডাউনে। লক ডাউনৰ সময়খিনিত মূলত নিম্ন মধ্যবিত্ত লোকৰ বসতিপ্ৰধান সেই গাঁওখনৰ লোকসকলে ভীষণ অভাৱৰ সন্মুখীন হৈছিল। সেইখন গাঁৱৰে তিনিজন যুৱকেও হেৰুৱাইছিল সংস্থাপন। সময় যোৱাৰ লগে লগে তিনিওৰে ঘৰত অভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাত তেওঁলোকে উপাৰ্জনৰ বিকল্প বিচাৰি বিচাৰি অৱশেষত গাঁৱতে 'ব্লু-ফিল্ম' নিৰ্মানৰ পৰিকল্পনা কৰে। সেই 'ব্লু-ফিল্ম' ইন্টাৰনেটত আপলোড কৰি অসংখ্য ধন ঘটাৰ সপোনা দেখা তিনিওজন যুৱকে অৱশেষত মুখামুখি হয় এক অভাৱনীয় বাস্তৱৰ। মূলতঃ এই কাহিনীৰে নিৰ্মান কৰা হৈছে 'বুলু ফিল্ম' নামৰ চিনেমাখন।