ৰহা ৰ গছপৰা স্থিত মা বসুন্ধৰী থানত অহা ৩১ জানুৱাৰী ৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে ভৈমী একাদশী মেলা মহোৎসৱ আয়োজন কৰা হব।
মা বসুন্ধৰী থান উৎসৱ উদজাপন সমিতিৰ সভাপতি দুলাল চন্দ্ৰ ডেকা আৰু সম্পাদক জয়ন্ত কুমাৰ কলিতা ৰ দ্বাৰা সংবাদ মাধ্যমক দিয়া খবৰ ৰ মতে মেলাৰ প্ৰথম দিন ৩১ জানুৱাৰী ৰ পুৱা ৭বজাত স্থানীয় আয়তি সকলৰ দ্বাৰা মা থানৰ বাবে পানী তোলা ও স্নান তৰ্পন।
৮বজাত মা থান পৰিচালনা সমিতিৰ সভাপতি সুৰেন্দ্ৰ নাথ কোঁৱৰ দ্বাৰা ধৰ্মধব্জা উওোলন আৰু স্মৃতি তৰ্পন কৰিব বিশিষ্ট সমাজসেৱক হিৰণ্য ভট্টাচাৰ্য ।
৯ বজাত মা মন্দিৰ, শিৱ মন্দিৰ, গনেশ মন্দিৰ,হৰ গৌৰী বিষ্ণু মন্দিৰ ত যথা বিহীত পূজা আৰম্ভ।
১০ বজাত স্থানীয় আই সকলৰ দ্বাৰা নাম প্ৰসংগ।
১০.৩০ বজাত বজাৰ দ্বাৰ উন্মোচন আৰু মেলাৰ শুভাৰম্ভ কৰিব বিশিষ্ট সমাজসেৱক টণ্কেশ্বৰ কলিতা।
১বজাত প্ৰসাদ বিতৰণ, সন্ধ্যা ৬ বজাত সাধু সকলৰ আদৰনি।৮ বজাত সাধু সকলৰ দ্বাৰা নাম কীৰ্ত্তন।১১ বজাত মহা প্ৰসাদ বিতৰণ।
দ্বিতীয় দিনা ১ ফেব্ৰুৱাৰী পুবা ৭ বজাত যথা বিহীত পূজা।১১বজাত পৰিচালনা সমিতিৰ সভাপতি সুৰেন্দ্ৰ নাথ কোঁৱৰ ৰ সভাপতিত্বত মুকলি সভা।১২ বজাত বিশিষ্ট অতিথি ও দাতা সকলৰ সম্বৰ্ধনা অনুষ্ঠান।সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰিব থান পৰিচালনা সমিতিৰ সম্পাদক শিৱ ৰাম নাথ আৰু উৎসৱ উদজাপন সমিতিৰ সম্পাদক জয়ন্ত কুমাৰ কলিতা।
লগতে বিশিষ্ট অতিথি আৰু দাতা সকলৰ একাষাৰ।১ বজাত প্ৰসাদ বিতৰণ, ৮ বজাত নাম প্ৰসংগ আৰু ৰাতি ১১ বজাত মহা প্ৰসাদ বিতৰণ।
মেলাৰ অন্তিম দিন ২ ফেব্ৰুৱাৰী পূবা ৭ বজাত যথা বিহীত পূজা আৰম্ভ।১১বজাত স্থানীয় আই সকলৰ দ্বাৰা নাম প্ৰসংগ।১ বজাত প্ৰসাদ বিতৰণ আৰু বিয়লি ৫.৩০ বজাত থান পৰিচালনা সমিতিৰ সম্পাদক শিৱ ৰাম নাথ ৰ দ্বাৰা শলাগৰ শৰাই আগবঢ়োৱা লগতে তিনি দিনীয়া মেলা মহোৎসৱ ৰ সফল সমাপন কৰা হব।