শিৱসাগৰৰ শিমলুগুৰিৰ দৰিকিয়াল গাঁৱত অনুষ্ঠিত হোৱা অসম ভাওনা মহোৎসৱত ধিতাইপুখুৰী পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ উদ্‌যাপন সমিতি আৰু স্থানীয় ৰাইজৰ তৰফৰ পৰা শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীক প্ৰদান কৰা হয় “বৈষ্ণৱ প্ৰাণ” উপাধি।

উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ উপস্থিতিত ড° পীতাম্বৰ দেৱ গোস্বামীক প্ৰদান কৰা হয় “বৈষ্ণৱ প্ৰাণ” উপাধি। অসম ভাওনা মহোৎসৱ থলীত সত্ৰাধিকাৰ গৰাকীক “বৈষ্ণৱ প্ৰাণ” উপাধি প্ৰদানৰ পিছতে সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে নিজৰ মনোভাৱ প্ৰকাশ কৰি কয় যে “এই উপাধি আচলতে সত্ৰীয়া সংস্কৃতিক দিয়া হৈছে ।