মৰনৈ বেবেজীয়াত চোৰে একেটা নিশাই ৩খনকৈ ব্যৱসায় প্ৰতিষ্ঠানত তলা ভাঙি লুটি নিলে ডেৰ লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে নগদ ধন।
ঢকুৱাখনা মহকুমাৰ ঘিলামৰা থানাৰ অন্তৰ্গত মৰনৈ বেবেজীয়া চাৰিআলিত বুধবাৰে নিশা সংঘটিত হয় এক চুৰি কাণ্ড।
কিতাপৰ দোকান, ইলেক্ট্ৰনিক দোকানৰ লগতে এখন গেলামালৰ দোকানৰ পৰা তলা ভাঙি চোৰে নিশা লুটি নিয়ে ডেৰ লক্ষাধিক টকাৰ সামগ্ৰীৰ লগতে নগদ ধন।
লগতে চি চি টিভি সহ মেচিনটো ভাঙি লুটি লৈ যায়।
ব্যৱসায় প্ৰতিষ্ঠান তিনিখনৰ পৰা মোবাইল, চাউণ্ড বক্স,বিভিন্ন সামগ্ৰীৰ লগতে ,নগদ ধন লৈ যায়।
যাৰ বাবে অঞ্চলটোত এতিয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
উক্ত অঞ্চলটোত চুৰি ঘটনা,বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনাৰ লগতে অসামাজিক কাৰ্য ৰোধ কৰিবলৈ অতি সোনকালে নতুনকৈ নৱনিৰ্মিত আৰক্ষী গৃহটোত আৰক্ষী নিযুক্তি দিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে।