আজি লোক কল্যাণ দিৱস।।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্য্যলয়ৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস অৰ্থাৎ "লোক কল্যাণ দিৱস" উদযাপন কৰা হয়।। উক্ত দিৱসটিত হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীকে ধৰি বিশিষ্ট ব্যক্তি সকলে গোপীনাথ বৰদলৈৰ প্ৰতিছব্বিৰ তলত বন্তি প্ৰজ্বলন, মাল্য কৰাৰ লগতে
সভাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন আৰু অসমলৈ অৱদান সন্দৰ্ভত আলোচনা কৰি স্বনামধন্য ব্যক্তি জনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।আনহাতে,উক্ত দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ কামত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা হোজাই জিলাৰ দুই বিভাগৰ দুজন কৰ্মচাৰীক "অসম সেৱা পুৰষ্কাৰ" সন্মানেৰে উৎসাহিত কৰা হয় ।। হোজাই জিলাৰ পৰা লোক সেৱা পুৰষ্কাৰেৰে সন্মানিত হোৱা কৰ্মচাৰী ক্ৰমে কুশকুমাৰ হাজৰিকা (হোজাই কৃষি বিভাগৰ জেষ্ঠ সহায়ক) আৰু সঞ্জয় কুমাৰ দাস (লামডিং অগ্নিনিবাপক বাহিনী)।। পুৰষ্কাৰ লাভ কৰা দুজনক গামোচা,মানপত্ৰ,নগদ ধন ২৫,০০০ টকাৰে পুৰস্কৃত কৰা হয় ।। আজিৰ সন্ধিয়া জিলা উপায়ুক্তৰ সভাগৃহত হোয়া লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰী,সভাপতিত্ব কৰা অনুষ্ঠানত হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিত দুৱৰাৰ লগতে হোজাই জিলা খনৰ প্ৰায় সংখ্যক চৰকাৰী বিষয়া উপস্থিত থকাৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।।