গোলাঘাটত স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত শিপিনীসকলৰ বাবে ক্ৰয় কেন্দ্ৰ মুকলি। চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ স্বনিৰ্ভৰ নাৰী আঁচনিখনৰ অধীনত আজি গোলাঘাটত শিপিনীসকলৰ বাবে এটা ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয় । গোলাঘাটৰ জোনাকী নগৰত থকা হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকৰ কাৰ্যালয়ত এই কেন্দ্ৰটো মুকলি কৰা হৈছে । আজি কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰে । তেওঁ কয় যে এই ক্ৰয় কেন্দ্ৰ মুকলি হোৱাৰ লগে লগে শিপিনীসকলে নিজে প্ৰস্তুত কৰা বস্ত্ৰৰ উচিত মূল্য আৰু এখন বজাৰ লাভ কৰিব । তেওঁ কাপোৰৰ মানৰ সৈতে কোনো ধৰণৰ আপোচ নকৰাকৈ আগবাঢ়ি যাবলৈ শিপিনীসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে শিপিনীসকলৰ কামৰ যাতে উচিত মূল্যায়ন হয় চৰকাৰে তাৰ বাবে এই আঁচনিখন গ্ৰহণ কৰিছে । মহিলাসকল স্বনিৰ্ভৰ হলে সমাজখন আগুৱাই যাব বুলিও তেওঁ কয় । সভাত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক ফকৰুদ্দিন আহমেদে শিপিনীসকলক এই আঁচনিৰ অধীনত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মান অনুসৰি প্ৰস্তুত কৰা গামোচা, আৰ্ণাই আদি কেনেকৈ ক্ৰয় কেন্দ্ৰটোত বিক্ৰী কৰিব পাৰি এই বিষয়ে বিতংভাৱে বৰ্ণনা কৰে । তেওঁ কয় যে গামোচা বিক্ৰী কৰাৰ পিছত শিপিনীৰ বেংক একাউণ্টত ধন জমা হ'ব । অনুষ্ঠানত জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালক ৰাজু প্ৰসাদ বৰা, ৰেচম বিভাগৰ সহকাৰী সঞ্চালক চন্দন শ্ব', জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱীৰ লগতে ভালেসংখ্যক শিপিনী উপস্থিত আছিল । আজি বহু শিপিনীয়ে নিজে উৎপাদন কৰা গামোচা আদি ক্ৰয় কেন্দ্ৰটোত বিক্ৰী কৰে । উল্লেখযোগ্য যে এই কেন্দ্ৰত এগৰাকী পঞ্জীয়নভুক্ত শিপিনীয়ে সৰ্বাধিক ১০০ খন নিজে প্ৰস্তুত কৰা গামোচা বা অন্য জনগোষ্ঠীয় গামোচা বিক্ৰী কৰিব পাৰিব । কিন্তু তেওঁলোকে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনা আৰু চৰ্তসমূহ পালন কৰিব লাগিব । গোলাঘাট জিলাত মুঠ ১০,৫৫২ গৰাকী পঞ্জীয়নভুক্ত শিপিনী আছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CM Bhupesh Baghel ने BJP पर बोला हमला, कहा- हवाई अड्डे, रेलवे सब कुछ अडानी के पास जा रहा है
CM Bhupesh Baghel ने BJP पर बोला हमला, कहा- हवाई अड्डे, रेलवे सब कुछ अडानी के पास जा रहा है
અમદાવાદમાં સ્વાઈન ફ્લુના કેસમાં વધારો
#buletinindia #gujarat #ahmedabad
@snasmitanews5036 દાંતા બ્રેકિંગ. દાંતા નજીક આંબાઘાટામાં પાણીની પાઇપલાઇનમાં પડ્યું ભંગાણ
દાંતા નજીક આંબાઘાટામાં પાણીની પાઇપલાઇનમાં પડ્યું ભંગાણ..
মৰাণৰ ঝলমৰ পৰা বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য
মৰাণৰ ঝলমৰ পৰা বোৱাৰী নিৰুদ্দেশ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য
थर्मल चौराहे पर फूँका संयुक्त उद्यम (जेवी) का पुतला - कोटा थर्मल में निजीकरण के विरुद्द भारी आक्रोश
राजस्थान में एक एक करके सभी पावर प्लांटो के संयुक्त उद्यम (जेवी) किए जाने के विरुद्द विगत 32...