নুমলীগড়ৰ দৈগ্ৰোঙত দৈগ্ৰোং শাখা সাহিত্য সভাৰ উদ্যোগত "অসমীয়া গল্পালোচনা" শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়

নুমলীগড়ৰ কাষৰীয়া মৰঙিৰ দৈগ্ৰোঙত দৈগ্ৰোং শাখা সাহিত্য সভাই শনিবাৰে শৰৎ বিশেষ এক অসমীয়া গল্পালোচনা অনুষ্ঠান অনুষ্ঠিত কৰে ৷ পুৱা ৯ বজাত শাখা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে প্ৰমোদ ফুকনে ৷ স্মৃতি তৰ্পণ কৰে কবি তৰুণ দত্তই ৷ বন্তি প্ৰজ্বলন কৰে কবি সাহিত্যিক গোলাপ চন্দ্ৰ শইকীয়াই ৷ ইয়াৰ পিছতে শৰতৰ বিষয় হিচাপে ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ১২ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত মৰঙি মহাবিদ্যালয়ৰ প্ৰবক্তা বিনোদ কোৱঁৰ আৰু কবি শিক্ষক ভাৰ্গৱ বৰা আলোচক হিচাপে উপস্থিত থাকে ৷ গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰাই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰা সভাত সাহিত্য একাডেমিৰ যুৱ বটা লাভ কৰা চকী আৰু অনান্য গল্পপুথিৰ বাবে নিৰ্বাচিত দৈগ্ৰোঙৰ যুৱক প্ৰদ্যুন্ম গগৈক সাহিত্য সভাৰ লগতে বিভিন্ন দল সংগঠনে অভিনন্দন জনায় ৷