চণ্টক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাই চিকিৎসক / চিকিৎসাৰ অবিহনে একেঘৰৰে দুটি শিশুৰ কৰুণ মৃত্যু / উত্তপ্ত পৰিস্থিতি / স্থায়ী চিকিৎসক নিযুক্তিৰ দাবীত স্থানীয় ৰাইজৰ স্বাস্থ্য কেন্দ্ৰ ঘেৰাও।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

 যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰান্তে প্ৰান্তে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ ঘোষণা কৰি জনগণৰ স্বাস্থ্য উন্নত হোৱাৰ জয়ঢোল কোবাই আহিছে , সেই সময়তে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফুপুলা স্বৰূপ উদাঙাই দিছে নাজিৰা মহকুমাৰ চণ্টক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোয়ে । নাজিৰা মহকুমা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত চণ্টক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ চলিছে এতিয়া চিকিসৎকৰ অবিহনে।ফলত ছখনকৈ গাওঁ পঞ্চায়তৰ দহ সহস্ৰিধিক ৰাইজৰ চিকিৎসাৰ একমাত্ৰ ভৰষাৰ এই চণ্টক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । যোৱা কালি বিয়লি অঞ্চলটোৰ ন - বাৰী বকদাইৰ পদ্মেশ্বৰ মানকী আৰু পূজা মানকীৰ চাৰি বছৰীয়া আৰু ৫ মহীয়া দুটি শিশুৰ জ্বৰ হোৱাত স্বাস্থ্য কেন্দ্ৰটোলৈ চিকিৎসাৰ বাবে আনে যদিও চিকিৎসক নথকাৰ বাবে কোনো চিকিৎসা নোপোৱাত দুয়োটি শিশুৰ কৰুণ ভাৱে মৃত্যু হয় । স্থানীয় ৰাইজ অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় । আজি শ শ স্থানীয় ৰাইজে চণ্টক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত উপস্থিত হৈ স্বাস্থ্য কেন্দ্ৰটো ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । স্বাস্থ্যকেন্দ্ৰত চিকিৎসক নথকাৰ বাবে ৰোগী আহিয়ো ঘৰমূৱা হ'ব লগা হয় স্বাস্থ্যকেন্দ্ৰটোৰ পৰা।ইয়াৰ উপৰিও চিকিৎসকৰ কোঠা এতিয়া পৰিণত হৈছে পাকঘৰলৈ। চিকিৎসকৰ ৰোগী পৰীক্ষা কৰা চাহ , ভাত , মদৰ পাৰ্টি কৰাহে পৰিলক্ষিত হয় । আনহাতে চৰকাৰে যোগান ধৰা বিনামূলীয়া ঔষধ ৰোগীক নিদিয়াৰ ফলত লাখ লাখ টকাৰ ঔষধ ম্যাদ উকলি গৈ গোদামত পেলাই ৰাখিছে ।