এটা ব্যতিক্ৰমী চিন্তাৰে নিৰ্মাণ কৰা ভেলাঘৰে দৃষ্টি আকৰ্ষণ কৰিছে নাজিৰাবাসীৰ ।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে উলহ -মালহেৰে ভোগালীক আদৰাৰ ব্যাপক সুন্দৰ প্ৰস্তুতি ।ব্যতিক্ৰম নহয় শিৱসাগৰৰ নাজিৰা।
নাজিৰাৰ বিভিন্ন প্ৰান্তৰ লগতে ওপৰনাজিৰাতো চলিছে ভোগালীক আদৰাৰ বিশেষ প্ৰস্তুতি। ওপৰ নাজিৰা যুৱক সকলে দিখৌ নদীৰ ওপৰত ব্যতিক্ৰমী চিন্তাৰে নিৰ্মাণ কৰা ভেলাঘৰ বিশেষ চৰ্চালৈ অহাৰ লগতে দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । ওপৰ নাজিৰাৰ যুৱক সকলে মাহযোৰা প্ৰচেষ্টাৰ অন্তত নাজিৰাৰ দিখৌ নদীৰ ওপৰত এটা সুন্দৰ ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে । উৰুকাৰ নিশা উক্ত ভেলাঘৰটোত স্থানীয় ৰাইজে ভোজ ভাত খাই আনন্দ কৰি আদৰিব হেঁপাহৰ ভোগালীক । বিহুৰ দিনা স্থানীয় ৰাইজে নীতি নিয়মৰ মাজেৰে উক্ত ভেলাঘৰটো প্ৰজ্বলিত কৰিব ।