ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭২ সংখ্যক পূৰ্ণতিথি উপলক্ষে দৰ‌ং জিলা প্ৰশাসনে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই উপলক্ষে লোকপ্ৰিয়‌ গোপীনাথ বৰদলৈ উদ্যানত অনুষ্ঠিত লোক কল্যান দিৱসত বৰদলৈৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে প্ৰাক্তন বিধায়ক তথা মঙলদৈ কলেজৰ প্ৰাক্তন অধ্যাপক ড০ নগেন্দ্ৰ নাথ শৰ্মা ,দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাৰ লগতে বিশিষ্ট ব্যক্তিসকলে । 

অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই লোক কল্যাণ দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে । আজিৰ অনুষ্ঠানত প্ৰাক্তন বিধায়ক তথা বিশিষ্ট শিক্ষাবিদ ড০ নগেন্দ্ৰ নাথ শৰ্মাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰে আৰু স্বাধীনতা সংগ্ৰামত বৰদলৈৰ অৱদানৰ বিষয়ে উল্লেখ কৰে । গ্ৰুপিঙৰ সময়ত বৰদলৈৰ দৃঢ় স্হিতিৰ বাবেই অসম পূব পাকিস্তানৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা পৰিছিল বুলি উল্লেখ কৰি শৰ্মাই কয় যে আজি প্ৰত্যেক অসম তথা উত্তৰপূৰ্বাঞ্চল বাসীয়ে বৰদলৈক তেওঁৰ অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে স্মৰণ কৰাটো প্ৰয়োজন । নৱপ্ৰজন্মই লোকপ্ৰিয় বৰদলৈৰ জীৱন আৰু কৰ্মৰাজিৰ পৰা অনুপ্ৰেৰণা লৈ ৰাষ্ট্ৰ নিৰ্মাণত আত্মনিয়োগ কৰিব লাগিব বুলি তেওঁ কয় ।

অনুষ্ঠানত মঙলদৈৰ বিশিষ্ট নাগৰিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱেও ভাষণ প্ৰদান কৰে আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত লোকপ্ৰিয় বৰদলৈৰ অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰে ।

আজিৰ এই অনুষ্ঠানতে অসম চৰকাৰে অৰাজপত্ৰিত চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰৱৰ্তন কৰা লোক সেৱা পুৰস্কাৰৰ বাবে নিৰ্বাচিত হোৱা দৰং উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী অৰুণ শৰ্মাক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ আগবঢ়োৱা সেৱাৰ বাবে স্বীকৃতি প্ৰদান কৰাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে আৰু এই পুৰস্কাৰে দৰং জিলাৰ সকলো কৰ্মচাৰীকে নতুন উদ্যমেৰে সেৱা আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিব বুলি কয় ।