বুথ স-শক্তি কৰণৰ উদ্দেশ্যে আজি জিলা বিজেপি মুখ্য কাৰ্য্যালয়ত সোণাৰি নগৰ মণ্ডল সমিতিৰ এখন সভা অনুষ্ঠিত হয়। উক্তসভাত দলৰ সাংগাঠনিক দিশ সৱল কৰাৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰাহয়। ৬নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত ভাস্কৰ বৰুৱাই আঁত ধৰা সভাখনত জিলা সভাপতি লক্ষ্মীনাথ তাছাৰ পৌৰহতিত্বত অনুষ্ঠিত হয় ।উক্ত সভাত চৰাইদেউ জিলা প্ৰভাৰী ৰাজ্যিক সদস্য তথা যুৱ কল্যাণ বিভাগৰ সদস্য সচিৱ ৰাতুল শৰ্মা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰ জিলা সভাপতি লক্ষ্মীনাথ তাছাই দলৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য ৰাখে। প্ৰায় শতাধিক দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত অনুস্থিত সভাখনত উপস্থিত থাকে জিলা উপসভাপতি তথা পৌৰপতিতিলক চন্দ্ৰ নেওঁগ সম্পাদক অজন্ত বৰুৱা কোষাধ্যক্ষ তাৰা চন্দ আগৰৱাল অবিচি মৰ্চাৰ ৰাজ্যিক সদস্যগিৰিন গগৈ মণ্ডলৰ সভাপতি অভিজিতচেলেং সোণাৰী পৌৰসভাৰৱাৰ্ড আয়ুক্ত সকল আৰুসোণাৰি সমষ্টিৰ।অন্তৰ্গত আটাইকেউতা মণ্ডলৰ সভাপতি সম্পাদক সকল উপস্থিত থাকে।