হঠাৎ এক অদ্ভুত শক্তিৰ ত্ৰাসত হুৱাদুৱা লাগে মৈৰাবাৰীৰ বৰথল কছাৰী প্ৰাথমিক বিদ্যালয়ত! ঢলি পৰিছে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী। অসুস্থ ছাত্র-ছাত্ৰী সকলক ততাতৈয়াকৈ ভৰ্তি কৰা হয় মৈৰাবাৰী চিকিৎসালয়ত। আতংকিত হৈ শিক্ষকে বিদ্যালয় ছুটি ঘোষণা কৰে। কিন্তু কিয় হঠাৎ এনে ঘটনা সংঘটিত হল সেয়া ৰহস্যৰ আৱৰ্তক!