আজিৰ খবৰ, গুৱাহাটী, ১৯ জুলাই, ২০২২ : ৰাজ্যৰ বানাক্ৰান্ত অঞ্চলৰ ৰাইজক কিছু সকাহ দিয়াৰ লক্ষৰে সহায়ৰ হাত আগবঢ়াইছে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আদানী ফাউণ্ডেচনে । ফাউণ্ডেচনে অসমৰ পাঁচখন জিলা ক্ৰমে কামৰূপ, বৰপেটা, দৰং, মৰিগাঁও আৰু নলবাৰী জিলাত মুঠ ১৫ খন গাঁৱৰ প্ৰায় সাত হাজাৰ পৰিয়ালৰ মাজত যোৱা ২৭ জুনৰ পৰা সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছিল। এই বিতৰণ কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে অন্ত পৰে। বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱা , মুখ্য মানৱ সম্পদ বিষয়া বনজিৎ ওজা, আদানী ফাউণ্ডেশ্যনৰ জেষ্ঠ বিষয়া জয়ন্ত মহান্তিকে আদি কৰি বৰঝাৰ বিমানবন্দৰৰ বিভাগীয় মুখ্য বিষয়া সকলৰ সহযোগত প্ৰত্যেকখন জিলাৰ বানাক্ৰান্ত গাঁৱত উপস্থিত হৈ বন্যাৰ্ত সকলৰ মাজত চাউল, দাইল , আটা , চেনী , চাহপাত , বিস্কুট , গাখীৰ , আলু , নিমখ , হালধি , চিৰা , মুৰী , চাবোন আদিৰ লগতে শাক-পাচলি বিতৰণ কৰে । এই সন্দৰ্ভত গুৱাহাটী বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই কয় " অসমৰ এনেহেন দুৰ্যোগৰ সময়ত, আদানী ফাউণ্ডেচনৰ অধ্যক্ষা প্ৰীতি আদানিয়ে অসমবাসীৰ হিতৰ বাবে শীঘ্ৰে লোৱা এনে মহান পদক্ষেপক মই অতি প্ৰশংসা কৰিছোঁ। বানাক্ৰান্ত ৰাইজক এইকণ সহযোগিতা আগবঢ়াবলৈ আমাক দিয়া সুবিধাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।"
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Box Office Report: 'किसी का भाई किसी की जान' हुई बेदम, मंगलवार को 'द केरल स्टोरी' के आगे PS2 की कमाई भी फीकी
बॉक्स ऑफिस पर इस वक्त बड़ी फिल्मों के बीच घमासान देखने को मिल रहा है। सलमान खान की 'किसी का भाई,...
गोलाघाट के ऐतिहासिक श्री आठखेलीया नामघर के मुख्यद्वार पर ताला जड़े जाने की घटना से सभी स्तब्ध
गोलाघाट के ऐतिहासिक श्री श्री आठखेलिया नामघर के संचालन को लेकर लम्बे समय से चला आ रहा संघर्ष...
ৰহাত ১৫দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি, নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই কন কন শিশু সকলৰ লগত পৰিবেশন কৰিলে মানুহে মানুহৰ বাবে।
অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, নগাঁও জিলা প্ৰশাসন আৰু ৰহা সম জিলা ৰ সহযোগত তথা...
CM Arvind Kejriwal Bungalow CBI Enquiry: Kapil Sibal ने BJP पर जमकर निशाना साधा। AAP। Delhi
CM Arvind Kejriwal Bungalow CBI Enquiry: Kapil Sibal ने BJP पर जमकर निशाना साधा। AAP। Delhi