অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, নগাঁও জিলা প্ৰশাসন আৰু ৰহা সম জিলা ৰ সহযোগত তথা শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ ব্যবস্থাপনাত যোৱা ১০জুলাইৰ পৰা ১৫দিনীয়া টেৰাকটা আৰু মাটি আখৰা কৰ্মশালাৰ আজি সফল সামৰণি হয়।
এই উপলক্ষে আজি দিনৰ ১১বজাৰ পৰা ৰহা মজলীয়া বিদ্যালয় ত কবিতা ঘৰৰ প্ৰধান সম্পাদক ৰন্টু মুদৈয়ে আঁত ধৰা সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ বন্তি প্ৰজ্বলনেৰে কৰাৰ লগতে সামৰণি অনুষ্ঠানৰ ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে উদ্বোধন কৰি সম্বোধন কৰে।
অকণিৰ কবিতা ঘৰৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা কবিতা ঘৰৰ স্থায়ী গীত পৰিবেশনেৰে আৰম্ভ হোবা অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই সম্বোধন কৰাৰ লগতে কন কন শিশু সকলৰ লগত সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱৰ কালজয়ী গীত মানুহে মানুহৰ বাবে পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তুলে আৰু অনুষ্ঠানত কবিতা ঘৰৰ ছাত্ৰ ছাত্ৰী সকলে সত্ৰিয়া,ভাৰত নাট্যম,মাটি আখৰা,গুৰু বন্দনা, কবিতা আবৃতী আৰু গীত পৰিবেশন কৰি সমস্ত ক্ষেত্ৰ মুখৰিত কৰি তুলে।
অনুষ্ঠানত ১৫দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা ত অংশ গ্ৰহণ কৰা শতাধিক ছাত্ৰ ছাত্ৰী ক সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসম চৰকাৰৰ ফালৰ পৰা এখন এখন মানপত্ৰ প্ৰদান কৰা হয়।
অনুষ্ঠানত ৰহা সমজিলা আয়ুক্ত ফিলিছ ভি এল হংচল,সহ আয়ুক্ত তথা কৰ্মশালা আয়োজন সমিতিৰ সভানেত্ৰী জেবীন গুলনাৰ,সাহিত্যিক পেঞ্চনাৰ মনোৰমা ভূঞা,ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা, কৰ্মশালা আয়োজন সমিতিৰ সদস্য বিমান গাঁওখোৱা,ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন প্ৰবক্তা যতীন্দ্ৰ কুমাৰ পাৰৈ,
সদৌ অসম ছাত্ৰ সন্থা ৰ প্ৰাক্তন সহকাৰী সম্পাদক মৃদুল হাজৰিকা,মাছ কেন্দ্ৰীয় সমিতিৰ সচিব প্ৰধান লক্ষী প্ৰসাদ ডেকা, নগাঁও জিলা উন্নতি সভাৰ উপ সভাপতি তথা কবিতা ঘৰৰ উপদেষ্টা মহেন্দ্ৰ কলিতা, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি দীপক কুমাৰ শৰ্মা, কবিতা ঘৰৰ প্ৰধান পৰিচালক তথা শিশুপ্ৰিয় অবনী কুমাৰ শইকীয়া,সহ সচিব ৰিতু দাস, সাংস্কৃতিক কৰ্মী জয়ন্ত দাস,প্ৰচাৰ সম্পাদক চয়েল খেতান, ৰাজেশ কুমাৰ নন্দী,সদস্য পৰশ মনি দাস,শিক্ষয়ত্ৰী সাবিত্ৰী শইকীয়া দাস, প্ৰিয়াসী পূজাৰী,ৰিপুঞ্জয় মেধি সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন, কবিতা ঘৰৰ প্ৰতিনিধি,সদস্য সদস্যা,অবিভাবক অবিভাবিকা,শতাধিক ছাত্ৰ ছাত্ৰী আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।