বিগত বিধান সভা নিৰ্বাচনত ধিং সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আনজাৰ হুছেইনক নিশা সোনাপুৰ আৰক্ষীয়ে আটক কৰে।

বৃহস্পতিবাৰে নিশা বটদ্ৰৱাৰ হাতীযুজুৱাৰ নিজা বাসগৃহৰ পৰা জাজৰি আৰু জুৰীয়া আৰক্ষীৰ সহযোগত আটক কৰে অপৰাধী তথা ধৰ্ষনৰ অভিযোগত অভিযুক্ত আনজাৰ হুছেইনক। 

উল্লেখ্য যে, আনজাৰ হুছেইনৰ বিৰুদ্ধে সোনাপুৰ থানাত ধৰ্ষনৰ গোচৰ (Sonapur P. S case No 141/22 U/s 417/376/379 IPC) ৰুজু কৰিছিল এগৰাকী মহিলাই। 

অসম জাতীয় পৰিষদৰ নেতা আনজাৰ হুছেইনে বিগত সময়ছোৱাত বহু দুৰ্নীতি আৰু অনিয়ম কৰি অগাধ সম্পত্তিৰ গৰাকী হোৱাৰো অভিযোগ কৰিছে স্থানীয় ৰাইজে। 

ইয়াৰ উপৰি অসম গ্ৰামীণ বিকাশ বেংকৰ CSP-ৰ স্বত্বাধিকাৰী আনজাৰ হুছেইনে সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ নামত ভূৱা একাউন্টৰ জৰিয়তে লাখ লাখ টকা আত্মসাৎ কৰাৰো অভিযোগ আছে।