আজিৰ খবৰ, গুৱাহাটী, ১৯ জুলাই, ২০২২ : ৰাজ্যৰ বানাক্ৰান্ত অঞ্চলৰ ৰাইজক কিছু সকাহ দিয়াৰ লক্ষৰে সহায়ৰ হাত আগবঢ়াইছে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আদানী ফাউণ্ডেচনে । ফাউণ্ডেচনে অসমৰ পাঁচখন জিলা ক্ৰমে কামৰূপ, বৰপেটা, দৰং, মৰিগাঁও আৰু নলবাৰী জিলাত মুঠ ১৫ খন গাঁৱৰ প্ৰায় সাত হাজাৰ পৰিয়ালৰ মাজত যোৱা ২৭ জুনৰ পৰা সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছিল। এই বিতৰণ কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে অন্ত পৰে। বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱা , মুখ্য মানৱ সম্পদ বিষয়া বনজিৎ ওজা, আদানী ফাউণ্ডেশ্যনৰ জেষ্ঠ বিষয়া জয়ন্ত মহান্তিকে আদি কৰি বৰঝাৰ বিমানবন্দৰৰ বিভাগীয় মুখ্য বিষয়া সকলৰ সহযোগত প্ৰত্যেকখন জিলাৰ বানাক্ৰান্ত গাঁৱত উপস্থিত হৈ বন্যাৰ্ত সকলৰ মাজত চাউল, দাইল , আটা , চেনী , চাহপাত , বিস্কুট , গাখীৰ , আলু , নিমখ , হালধি , চিৰা , মুৰী , চাবোন আদিৰ লগতে শাক-পাচলি বিতৰণ কৰে । এই সন্দৰ্ভত গুৱাহাটী বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই কয় " অসমৰ এনেহেন দুৰ্যোগৰ সময়ত, আদানী ফাউণ্ডেচনৰ অধ্যক্ষা প্ৰীতি আদানিয়ে অসমবাসীৰ হিতৰ বাবে শীঘ্ৰে লোৱা এনে মহান পদক্ষেপক মই অতি প্ৰশংসা কৰিছোঁ। বানাক্ৰান্ত ৰাইজক এইকণ সহযোগিতা আগবঢ়াবলৈ আমাক দিয়া সুবিধাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।"
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিজেপি লেঙেৰী মণ্ডল সমিতিৰ উদ্যোগত ঔফলীয়াত প্ৰভাত ৰেলি।
ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে দেশত উদযাপন হ'ব আজাদী কা অমৃত মহোৎসৱ ৷ চৰকাৰৰ আহ্বান মৰ্মে...
एमआयएम संपुष्टात येईल की काय असे विदारक चित्र;बोटांवर मोजण्या इतकेच कार्यकर्ते व पदाधिकारी
सोलापूर- एमआयएम पक्ष हळूहळू संपुष्टात येत असल्यासारखे चित्र सोलापुरात निर्माण झाले आहे.पक्षाला...
Aaj Tak के साथ EXCLUSIVE बातचीत में Kanhaiya Kumar और Manoj Tiwari पर क्या बोलीं Neha Singh | AajTak
Aaj Tak के साथ EXCLUSIVE बातचीत में Kanhaiya Kumar और Manoj Tiwari पर क्या बोलीं Neha Singh | AajTak
ડીસામાં માર્કેટયાર્ડ નજીક ટ્રકનું ટાયર ફાટતાં 100 ફૂટ ટ્રક ઢસડાઇ
ડીસામાં માર્કેટયાર્ડ આગળ એલિવેટેડ બ્રિજ નીચે ચાલુ ટ્રકનું ટાયર ફાટતા અકસ્માત સર્જાયો હતો. જોકે,...