আজিৰ খবৰ, গুৱাহাটী, ১৯ জুলাই, ২০২২ : ৰাজ্যৰ বানাক্ৰান্ত অঞ্চলৰ ৰাইজক কিছু সকাহ দিয়াৰ লক্ষৰে সহায়ৰ হাত আগবঢ়াইছে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আদানী ফাউণ্ডেচনে । ফাউণ্ডেচনে অসমৰ পাঁচখন জিলা ক্ৰমে কামৰূপ, বৰপেটা, দৰং, মৰিগাঁও আৰু নলবাৰী জিলাত মুঠ ১৫ খন গাঁৱৰ প্ৰায় সাত হাজাৰ পৰিয়ালৰ মাজত যোৱা ২৭ জুনৰ পৰা সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছিল। এই বিতৰণ কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে অন্ত পৰে। বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱা , মুখ্য মানৱ সম্পদ বিষয়া বনজিৎ ওজা, আদানী ফাউণ্ডেশ্যনৰ জেষ্ঠ বিষয়া জয়ন্ত মহান্তিকে আদি কৰি বৰঝাৰ বিমানবন্দৰৰ বিভাগীয় মুখ্য বিষয়া সকলৰ সহযোগত প্ৰত্যেকখন জিলাৰ বানাক্ৰান্ত গাঁৱত উপস্থিত হৈ বন্যাৰ্ত সকলৰ মাজত চাউল, দাইল , আটা , চেনী , চাহপাত , বিস্কুট , গাখীৰ , আলু , নিমখ , হালধি , চিৰা , মুৰী , চাবোন আদিৰ লগতে শাক-পাচলি বিতৰণ কৰে । এই সন্দৰ্ভত গুৱাহাটী বিমানকোঠৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই কয় " অসমৰ এনেহেন দুৰ্যোগৰ সময়ত, আদানী ফাউণ্ডেচনৰ অধ্যক্ষা প্ৰীতি আদানিয়ে অসমবাসীৰ হিতৰ বাবে শীঘ্ৰে লোৱা এনে মহান পদক্ষেপক মই অতি প্ৰশংসা কৰিছোঁ। বানাক্ৰান্ত ৰাইজক এইকণ সহযোগিতা আগবঢ়াবলৈ আমাক দিয়া সুবিধাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।"
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુર નજીક કારની ટક્કરે યુવકનું મોત : બે વ્યક્તિઓ ઘાયલ
પાલનપુરના ચિત્રાસણી નજીક કાર ચાલકે બાઇકને પાછળથી ટક્કર મારતાં બાઇક ચાલકનું મોત થયું હતું. જ્યારે...
અમદાવાદ નિકોલ વિસ્તાર માં સોસાયટીના નાકે કોલર પકડી દંપતિ સાથે બોલા ચાલી કરી કર્યો હુમલો ઘટના ના CCTV આવ્યા સામે
અમદાવાદ નિકોલ વિસ્તાર માં સોસાયટીના નાકે કોલર પકડી દંપતિ સાથે બોલા ચાલી કરી કર્યો હુમલો ઘટના ના...
Press conference of the Fatbihu celebration committee || FatBihu stage unpleasant situation..!
Press conference of the Fatbihu celebration committee || FatBihu stage unpleasant situation..!
Microsoft Outage: क्राउडस्ट्राइक की यूजर्स को सलाह; जल्दी करें ये काम, जानिए कब बहाल होंगी सेवाएं
इस आउटेज के चलते माइक्रोसॉफ्ट के ऑपरेटिंग सिस्टम पर चलने वाले कम्प्यूटर ऑटोमेटिकली रिस्टार्ट हो...
માલગઢના પૂર્વ સરપંચના કેસમાં ૩ શખ્સના આગોતરા જામીન કોર્ટે ફગાવ્યા || પ્રદિપ્ત અંતરાલ ન્યૂઝ ||
માલગઢના પૂર્વ સરપંચના કેસમાં ૩ શખ્સના આગોતરા જામીન કોર્ટે ફગાવ્યા || પ્રદિપ્ત અંતરાલ ન્યૂઝ ||