নাৰায়ণপুৰ থানাৰ অন্তৰ্গত শেলকঠিয়া গাঁৱত ৰাইজে আজি বিয়লি ধৰিলে এটা হৰিণা পহু ৷ গাঁওখনৰ এঘৰৰ বাৰীত পহুটো সোমাই থকা অৱস্থাত প্ৰত্যক্ষ কৰাত কোনো দুষ্ট চক্ৰৰ হাতত পহুটোৰ মৃত্যু হোৱাৰ শংকাত গাঁওখনৰ একাংশ ৰাইজ মিলি পহুটো ধৰিবলৈ সক্ষম হয়। ইফালে ৰাইজে হাৰমতী বন বিভাগ আৰু নাৰায়ণপুৰ আৰক্ষীক খবৰ দিয়াত নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ পহুটো থানালৈ লৈ যায় ৷ পৰৱৰ্তী সময়ত হাৰমতী বন বিভাগৰ দ্বাৰা পহুটোৰ চিকিৎসা কৰাই ৰঙা ৰিৰ্জাভত মোকোলাই দিব বুলি ৰাইজক আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যোনত পৰা ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ মাজে সময়ে বহু পহু আহি নাৰায়ণপুৰৰ ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলৰ লগতে নদীৰ চৰ অঞ্চলত বিচৰণ কৰে ৷ বছৰি এনেদৰে বিচৰণ কৰা বহু পহু ৰাইজে ধৰি বন বিভাগত চমজাই দি আহিছে যদিও একাংশ দুষ্ট চক্ৰৰ হাতত পৰি পহুৰ মৃত্যুৰ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણ ઓમકાર શૈક્ષણિક સ્કૂલ ખાતે eFRI નું માર્ગદર્શન જસદણ પોલીસ દ્વારા આપવામાં આવ્યું
જસદણ ઓમકાર શૈક્ષણિક સ્કૂલ ખાતે નું EFRI નું માર્ગદર્શન જસદણ પોલીસ દ્વારા આપવામાં આવ્યું આ...
সোপাধৰাৰ সন্দেহত এজনক হত্যাৰ চেষ্টা। তিনিচুকীয়া জিলাৰ ধলা থানাৰ অন্তৰ্গত থেপাবাৰীত এই ঘটনা। কথমপি প
সোপাধৰাৰ সন্দেহত এজনক হত্যাৰ চেষ্টা। তিনিচুকীয়া জিলাৰ ধলা থানাৰ অন্তৰ্গত থেপাবাৰীত এই ঘটনা। কথমপি প
Shinde Sena Vs Uddhav Thackeray Shiv Sena | शिंदेंचं 'हे' नवं पद ठाकरेंना भारी पडणार?
Shinde Sena Vs Uddhav Thackeray Shiv Sena | शिंदेंचं 'हे' नवं पद ठाकरेंना भारी पडणार?