তিনিচুকীয়া জিলাৰ অন্তৰ্গত জেমছ ৱাৰেণ্ট কোম্পানী মালিকা ধিন দিয়ামুলি চাহ বাগিচা অইল ইণ্ডিয়া লিমিটেডে ২৩ বিঘা ৩ কটা মাটি অধিগ্ৰহণ কৰি তাত থকা চাহ শ্ৰমিক সকলক পেটে ভাতে মৰাৰ ষড়যন্ত্ৰক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু

সাধাৰণ সম্পাদক দেবেন উৰাং তীব্ৰ বিৰোধিতা কৰিছে ৷ যোৱা কিছু দিন ধৰি উদোগ স্থাপনৰ নামত চাহ বাগিচা উচ্ছেদ কৰি চাহ শ্ৰমিক সকলক নিশেষ কৰাৰ পৰিকল্পনা কাা হৈছে ৷ বৰাকৰ দুলু চাহ বাগিচাত ২৫০০শ বিঘা ৰজাবাৰী চাহ বাগিচাত ৮০০বিঘা লেপেটকটা চাহ বাগিচা প্ৰায় ৭০০ বিঘা এতিয়া দিয়ামলি চাহ বাগিচা ২৩ বিঘা মাটি উচ্ছেদ কৰাটো তাৰে উদাহৰণ ৷ বণিক গোষ্ঠী শেনচকু অসমৰ সেউজীয়া চাহ গছৰ ওপৰত ৷ বণিক গোষ্ঠী চাহ শ্ৰমিকৰ হেতালি খেলা কায্য আছাই কেতিয়াও সহ্য নকৰে ৷ বহু চাহ বাগিচাৰ মাটি অইল ইণ্ডিয়া ONGC গেছ ক্ৰেকাৰ গেছ কোম্পানী অধিগ্ৰহণ কৰিছে যদিও চাহ শ্ৰমিকৰ সন্তান সংস্থাপিত হোৱাটো আঙুলি মোৰত হিচাপ কৰিব পাৰি ৷ কেতিয়াও তেওঁলোক চাহ শ্ৰমিকৰ উন্নতিৰ কাৰণে চিন্তা কৰাৰ নজিৰ নাই ৷

অইল ইণ্ডিয়াই চাহ শ্ৰমিকৰ ভৱিষ্যতৰ নিৰাপত্তাৰ দিশটো বিবেচনা নকৰাকৈ দিয়ামুলি চাহ বাগিচাৰ মাটি অধিগ্ৰহণ কৰিব বিচাৰিছে এই কায্য সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই কেতিয়াও সহ্য নকৰে ৷ অইল ইণ্ডিয়াই অতি শীঘ্ৰে বাগিচা উচ্ছেদ কৰা বন্ধ নকৰিলে আছাই তিনিচুকীয়া আৰু ডিব্ৰুগড়ত অৱস্থিত তৈলক্ষেত্ৰ সমূহ অৱৰোধ কৰিবলৈ বাধ্য হব আৰু ইয়াৰ দ্বাৰা উদ্ভৱ হৱ লগা পৰিস্থিতিৰ বাবে চৰকাৰ আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষই জগৰীয়া হব ৷