ঢকুৱাখনাত বীৰাংগনা নাট্যগোষ্ঠীৰ উদ্যোগত মহকুমা ভিত্তিত কুইজ প্ৰতিযোগিতা আয়োজন

 ঢকুৱাখনা মহকুমাৰ পশ্চিম প্ৰান্তত অৱস্হিত মৰনৈ চাপৰি গাঁৱত বীৰাংগনা নাট্যগোষ্ঠীৰ উদ্যোগত আৰু নৱজ্যোতি যুৱক সংঘৰ সহযোগত যোৱা বৰ্ষবোৰৰ দৰে এইবাৰো দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মহকুমা ভিত্তিত কুইজ আৰু একাংকিকা প্ৰতিযোগিতা।

প্ৰথম দিনা কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত চাফাই অভিযান, পতাকা উত্তোলন, শ্বহীদ তৰ্পন, বৃক্ষ ৰোপণ, ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইয়াৰ পিছতে আবেলি ২ বজাত মহকুমা ভিত্তিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

শিক্ষক ৰঞ্জন চুতীয়াৰ সঞ্চালনাত কুইজখনি পৰিচালনা কৰে শিক্ষক ৰঞ্জন খনিকৰ আৰু উৎপল চুতীয়াই।

উল্লেখযোগ্য যে এই কুইজ প্ৰতিযোগিতাত কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

স্থান দখল কৰা সকলো ছাত্র ছাত্ৰীকে মানপত্ৰ আৰু পুৰষ্কাৰ প্ৰদান কৰা হয়।