ৰাজ্যত পুনৰ বোৱাৰীৰ নিৰ্যাতন, শাহুৱেক আৰু স্বামীয়ে মিলি প্ৰানে মৰা চেষ্টা।

এই ঘটনা সংঘটিত হৈছে ঢকুৱাখনাৰ ঘিলামৰা আৰক্ষী চকী অন্তৰ্গত উজনি ফুকন গাওঁত।

ঘিলামৰা উজনি ফুকন গাঁওৰ স্বামী ''হেমন্ত ফুকন আৰু শাহু ''পকী ফুকনে বোৱাৰীয়েকক ধৰি বান্ধি প্ৰাণে মৰা অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি মাজ ফুকন গাঁৱৰ নিবাসী যতীন সেনাপতি জী ৰিমা ফুকনে ৪বছৰ পূৰ্বে উজনি ফুকন গাঁৱৰ স্বামী "হেমন্ত ফুকনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল।বিবাহৰ দুবছৰ পিছৰ পৰা শাহু আৰু স্বামীয়ে যৌতুক বিচাৰি আৰু বিভিন্ন অজুহাত দেখাই দৈনন্দিন মানসিক , শাৰীৰিক আৰু প্ৰাণে মৰা চেষ্টা চলাই আহিছে।

মঙ্গলবাৰৰ দিনা শাহু আৰু স্বামীযে মিলি বোৱাৰী গৰাকীক প্ৰাণে মৰা চেষ্টা চলাই।কোনোমতে প্ৰাণ ৰক্ষা কৰি নিজ গৃহত উপস্থিত হয় আৰু ঘিলামৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হয়।মহিলা গৰাকীযে এগৰাকী ৪বছৰীয়া কন্যা স্বামী গৃহত এৰি থৈ আহে।

এই ক্ষেত্রত অভিযোগ কাৰীয়ে লম্পতো আৰু শাহু ওপৰত ঘিলামৰা আৰক্ষীত এক গোচৰ ৰুজু কৰিছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।

কোনো কাৰণতে যাতে আইনৰ  সুৰুঙা লৈ লম্পত "হেমন্ত ফুকন আৰু শাহু পকী ফুকন বাছি যাব নোৱাৰে মহিলা গৰাকী আৰু পিতৃ, মাতৃ পৰিয়ালৰ লোকে ঘিলামৰা আৰক্ষীক আহ্বান জনাইছে।।