চৰাইদেউ জিলাৰ মাহমৰা ৰাজহচক্ৰৰ অন্তৰ্গত মৰাণ নগৰত অনুষ্ঠিত মৰাণ মহিলা মহাবিদ্যালয়ৰ ইনডৰ ষ্টেডিয়ামত আজিৰ পৰা।আৰম্ভ হৈছে ডিব্ৰুগড় বিঃবিদ্যালয়ৰআন্তঃমহাবিদ্যালয়ৰ শক্তি উত্তোলন ভাৰ উত্তোলন আৰু দেহশ্ৰী প্ৰতিযোগিতা । দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাখনি আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। উদ্বোধনী অনুষ্ঠানত।মহাবিদ্যালয় খনিৰ অধ্যক্ষা জয়শ্ৰী ফুকন, জেষ্ঠ সাংবাদিক বাছা বৰাকে ধৰি বহুসংখ্যক গণ্য মান্য।ব্যক্তি উপস্থিত থাকে ।এই প্ৰতিযোগিতা খনিত ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ অন্তৰ্গত চল্লিশ খন মহাবিদ্যালয়ৰ খেলুৱৈয়ে অংশ গ্ৰহন কৰিছে। ইয়াৰ উপৰিও মহাবিদ্যালয় খনৰ নতুনকৈ নিৰ্মান হোৱা এটি মুকলি মঞ্চ উদ্বোধন কৰে মন্ত্ৰীজনে।
মাহমৰাৰ মৰাণ মহিলা মহাবিদ্যালয়ত আন্তঃ মহাবিদ্যালয় ভাৰ উত্তোলন, শক্তি উত্তোলন আৰু দেহশ্ৰী প্ৰতিযোগিতা উদ্বোধন কৰে অসম অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/12/nerity_8b35f781f771b349b57380e5424b8ba8.jpg)