লাইগাওৰ বৰপুখুৰীত বৰপুখুৰী শিশু খেল সমিতি আৰু পদুম কলি সংঘৰ উদ্যোগত অনুষ্ঠিত হব লগা সোনালী জয়ন্তী বৰ্ষৰ আজি লাইখুটা স্থাপন কৰিলে বিটিচি ই এম দিগন্ত বৰুৱাই।

অহা জানুৱাৰী মাহৰ ১৬তাৰিখৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিব লগা বৰপুখুৰী শিশু খেল সমিতি আৰু পদুম কলি সংঘৰ সোনালী জয়ন্তী উদযাপনৰ আজি এক মাংগলিক নিয়মৰ মাজেৰে সোনালী জয়ন্তী বৰ্ষ উদযাপন লাইখুটা স্থাপন কৰিলে বিটিচি ই এম দিগন্ত বৰুৱাই।

এই অনুষ্ঠানত উপস্থিত থাকে সোনালী জয়ন্তী উদযাপনৰ বিষয়ববীয়া সকলৰ লগতে আমন্ত্ৰিত অতিথি সকল।