শিৱসাগৰঃ-- ঐতিহাসিক শিৱসাগৰৰ শ্ৰীশ্ৰী বিষ্ণুদৌলৰ মুখ্য পূজাৰী তথা একালৰ শিৱসাগৰৰ প্ৰখ্যাত ফুটবল খেলুৱৈ, সৰবৰহী সমাজসেৱক আৰু শিৱসাগৰ সনাতন ধৰ্ম সমাজৰ নামাচাৰ্য্য হেমন্ত কুমাৰ বৰঠাকুৰদেৱৰ দেওবাৰে বাৰ্ধক্যজনিত কাৰণত শিৱসাগৰ ব্ৰাহ্মণপট্টিৰ নিজা বাসগৃহত ৯১ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। তেখেতৰ বিয়োগত শিৱসাগৰ জিলাত শোকৰ ছাঁ পৰিছে ৷ বৰঠাকুৰদেৱে মৃত্যুৰ সময়ত একমাত্ৰ পুত্ৰ , দুগৰাকী জী আৰু নাতি-নাতিনীসহ বহু আত্মীয়জনক ইহ সংসাৰত এৰি থৈ যায় । ধৰ্মপ্ৰাণ ব্যক্তি হেমন্ত বৰঠাকুৰৰ মৃত্যু সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি ৷ তেখেতৰ বিয়োগত সনাতন ধৰ্ম নামঘৰ সমাজ, সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম কেন্দ্ৰীয় সমিতি, শিৱসাগৰ জিলা সাধাৰণ জাতি সুৰক্ষা সন্মিলন,  শিৱসাগৰ দৌল উন্নয়ন সমিতি, বৃহত্তৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ বৰঠাকুৰ, যুৱ সাংবাদিক সন্থা-অসমৰ শিৱসাগৰ জিলা সমিতি, স্পেকট্ৰাম অফছেটৰ পৰিচালন সঞ্চালক মনজিৎ বৰদলৈ, পাহি টেক্সটাইল, বাৰোৱাৰী পূজা সমিতি, সমন্বয় সাংস্কৃতিক গোষ্ঠী, অসম ব্ৰাহ্মণ সমাজ, সদৌ অসম সন্মিলিত ব্ৰাহ্মণ সমাজকে ধৰি বহুতো অনুষ্ঠান-প্ৰতিষ্ঠান তথা সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷