অৰুণোদয় মাহ - ২০২২' উদযাপন উপলক্ষে অৰুণোদয় 'চুপাৰভাইজাৰ' আৰু 'ভেৰিফিকেচন টীম'ৰ এক প্ৰশিক্ষণ কাৰ্যসূচী আজি বিশ্বনাথত অনুষ্ঠিত হৈ যায়। বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ উপস্থিতিত অনুষ্ঠিত এই প্ৰশিক্ষণত অৰুণোদয় 'চুপাৰভাইজাৰ' আৰু 'ভেৰিফিকেচন টীমে' জিলাখনৰ অৰুণোদয় হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ কেনেদৰে জৰীপ কৰিব লাগিব সেই সম্পৰ্কে সবিশেষ অবগত কৰা হয়। বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মা, শ্ৰম বিষয়া নন্দিনী ফুকন, সহকাৰী নিয়োগ বিষয়া ৰাখী ভট্টাচাৰ্য দে আৰু বিশ্বনাথ জিলা এন আই চিৰ নেটৱৰ্ক ইঞ্জিনিয়াৰ বিপ্লৱ চৌধুৰীয়ে প্ৰশিক্ষণ প্ৰদান কৰা এই অনুষ্ঠানত উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই দায়িত্ব প্ৰাপ্ত সকলক সেই কাম সুচাৰুৰূপে সম্পাদন কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাটো ২০ আগষ্টৰ পৰা ২০ চেপ্তেম্বৰলৈ অৰুণোদয় মাহ - ২০২২ পালন কৰা হ'ব। সেই অনুসৰিয়েই আজি সমগ্ৰ জিলাখনত অৰুণোদয় হিতাধিকাৰীসকলৰ জৰীপ কৰিবলৈ সৰ্বমুঠ ৮১ গৰাকী চুপাৰভাইজাৰ আৰু ৩২৪ গৰাকী 'টীম মেম্বাৰ'ক প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখ্য যে সমগ্ৰ বিশ্বনাথ জিলাত ৪৭,৫০০ গৰাকী অৰুণোদয় হিতাধিকাৰী আছে আৰু ২০ আগষ্টৰ পৰা উদযাপিত হব লগা অৰুণোদয় মাহত এই সকলৰ ঘৰে ঘৰে গৈ জৰীপ কৰা হব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શ્રીકષ્ટભંજનદેવ દાદાને દિવ્ય શણગાર એવં 551 કિલો ઘારીનો અન્નકૂટ...
વડતાલધામ દ્વિશતાબ્દી મહોત્સવ એવં શતામૃત મહોત્સવ સાળંગપુરધામ ઉપલક્ષમાં શ્રી સ્વામિનારાયણ મંદિર...
অৰুণাচলত আবদ্ধ অসমৰ শ্ৰমিক
কামৰ প্ৰলোভনেৰে নি অৰুণাচলত বিক্ৰী কৰাৰ খবৰ পোহৰললৈ আহিছে গোলাঘাট জিলাৰ ধনশিৰি...
केंद्रीय उपसचिव चतुर्वेदी यांनी जलसिंचन विभागाचा जिल्हाधिकारी कार्यालयात घेतला आढावा@india report
केंद्रीय उपसचिव चतुर्वेदी यांनी जलसिंचन विभागाचा जिल्हाधिकारी कार्यालयात घेतला आढावा@india report
નવરાત્રિના પહેલાં નોરતે રાજ્યના ૧.૪૯ લાખ યુવાનોને રોજગાર :
મુખ્યમંત્રી શ્રી ભૂપેન્દ્ર પટેલની વિશેષ ઉપસ્થિતિમાં યુવાનોને રોજગાર નિમણૂંક પત્રો અને એપ્રેન્ટિસશિપ કરારપત્રો એનાયત..
શ્રી નરેન્દ્રભાઈએ ગુજરાતમાં રોપેલા વિકાસના મજબૂત પાયાના પરિણામે જ આજે ગુજરાત દેશનું ગ્રોથ એન્જિન...
आज गाड़ी तेरा भाई चलाएगा! Delhi में 10 में से 8 लोग शराब पीकर करते हैं ड्राइव, सर्वे में हुए चौकाने वाले खुलासे
कम्युनिटी अगेंस्ट ड्रंकन ड्राइविंग (CADD) द्वारा कराए गए सर्वे में दिल्ली के अंदर वाहन चला रहे...