ৰাজ্যত পুনৰ নাগৰিকত্ব সংশোধনী আইনক লৈ আন্দোলনমুখী পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে । কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ মহামাৰী কৰ'ণা শেষ হোৱাৰ পিছতে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰা হ'ব বুলি উল্লেখ কৰিছিল ৷ ইয়াৰ পাছতে ৰাজ্যৰ দল-সংগঠনসমূহ পুনৰ কা-ৰ বিৰোধীতাৰে জাঙুৰ খাই উঠিছে । ডিব্ৰুগড়ৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি চৰকাৰক তীব্ৰ সমালোচনাৰ কৰে । অখিল গগৈয়ে অসমীয়া জাতিক সংখ্যালঘু কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে CAA অসমত জাপি দিব বিচাৰিছে বুলি উল্লেখ কৰে ৷ লগতে কা আমাৰ ওপৰত জাপি দিবলৈ কেতিয়াও অনুমতি দিব নোৱাৰি বুলি উল্লেখ কৰি এই আইন কাৰ্যকৰী কৰিলে ব্যাপক ৰূপত আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে ৷ লগতে জীৱন মৰণ দি হ'লেও কা বিৰোধী আন্দোলন কৰিব বুলিও কয় অখিল গগৈয়ে । কা কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিলে প্ৰতিজন অসমীয়াক ঐক্যবদ্ধ হৈ ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনালে অখিল গগৈয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ચોરી ની એક્ટિવા સાથે 2 ઈસમો ને પોલીસ એ પકડી પાડયા
ચોરી ની એક્ટિવા સાથે 2 ઈસમો ને પોલીસ એ પકડી પાડયા
ড° প্ৰাপ্তি ঠাকুৰক সম্বৰ্ধনা ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ
ধনশিৰি মহকুমাৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ সৰুপথাৰ মহাবিদ্যালয়ৰ নব নিযুক্ত...
Women Reservation Bill: Chirag Paswan Speech। PM Modi के सामने रखी अपनी मांग | Parliament | LJP
Women Reservation Bill: Chirag Paswan Speech। PM Modi के सामने रखी अपनी मांग | Parliament | LJP
দূৰ্গা পূজাৰ পূৰ্বে চাহ শ্ৰমিকসকলক ২০ শতাংশ বোনাছ মোকলাই দিয়াৰ দাবী জনালে আছাৰ নেতা দেবেন উৰাঙে
দূৰ্গা পূজাৰ পূৰ্বে চাহ শ্ৰমিকসকলক ২০ শতাংশ বোনাছ মোকলাই দিয়াৰ দাবী জনালে আছাৰ নেতা দেবেন উৰাঙে